ফুট ফুটীয়া ফুল বোৰ
চকমকাই আছে,
গঞা গাভৰুৰ মুখৰ হাঁহিত।
প্ৰকৃতিয়ে ৰঙ কৰা
এই গোলাপ পাহি,
মলয়াত দুলি আছে।
বসন্ত অহাৰ লগেলগে
কপৌ পাহি ফুলিছে,
সেউজীয়া বনত
নতুন কুহি ওলাইছে।
তাকে ছাই ছাই
চিতত থকা দুখ বোৰ
আনন্দত নাচিছে।।
✍নাজিমুদ্দিন আহমেদ, দলগাঁও দৰং
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ