(অমৰ মিত্ৰৰ জন্ম ১৯৫১ চনত । ‘ঘৰ’ নামৰ গল্পটোৰে বাংলা সাহিত্যত এইজন লেখকৰ আত্মপ্ৰকাশ । ১৯৭৮ চনত অমৃত পত্ৰিকাত প্ৰকাশিত হয় তেখেতৰ জীৱনৰ প্ৰথমখন উপন্যাস ‘নদীৰ মানুষ’ । ১৯৯৮ চনত ‘স্বদেশযাত্ৰা’ গল্পৰ বাবে লাভ কৰে সৰ্বভাৰতীয় কথা পুৰস্কাৰ । ২০০৬ চনত ‘ধ্ৰৱপুত্ৰ’ উপন্যাসৰ বাবে লাভ কৰে সাহিত্য অকাদেমি পুৰস্কাৰ । আৰু একাধিক পুৰস্কাৰেৰে এইজন কথা-সাহিত্যিক ইতিমধ্যে পুৰস্কৃত হৈছে । বৰ্তমানৰ গল্পটি লেখকৰ সানন্দ অনুমতি সাপেক্ষে অনূদিত । অনুবাদৰ অনুমতি প্ৰদান কৰাৰ বাবে লেখকৰ ওচৰত অনুবাদক কৃতজ্ঞ ।)
------------------
বৃদ্ধ মানুহজনে ওৰে জীৱন নানা দেশৰ কইন্, নোট জমা কৰি গৈছে । কোনোবাই চাব বিচাৰিলে তেওঁ দেখুৱাই । সেয়া চাবলৈকে তেওঁৰ ওচৰলৈ কত মানুহ আহে, আৰু তাৰেই তেওঁৰ দোকানখন চলে । পুৰণি কইন্, তামৰ পইচা, ফুটা থকা পইচা, ৰূপৰ মুদ্ৰা, ৰঙা দুই অনা, সিকি, আধলি, মহান সম্ৰাট পঞ্চম জৰ্জৰ মুখ, মহাৰাণী ভিক্তোৰিয়াৰ মুখ খোদিত মুদ্ৰা আৰু ডাঙৰ ডাঙৰ দহ টকা, এশ টকা, সুন্দৰবনৰ গোসাবা দ্বীপৰ সমবায়ত শস্য কিনা-বেচাৰ বাবে ছাৰ ডেনিয়েল হেমিল্টনে প্ৰচলন কৰা নোট … এইবোৰ চাই কোনো কোনোৱে তেওঁক পেনি, ৰুবল ফ্ৰাঁ, ডলাৰ আৰু ইউৰো আদিয়ো দি গৈছে । ‘আমাৰ হাতত নাথাকিব, তুমিয়েই থৈ দিয়া ।’ কোপেক, ৰুবল ফ্ৰাঁ, পেনি, লিৰা, দিনাৰ, ডলাৰ, পাউণ্ড জমা কৰি কৰিয়েই সেই বৃদ্ধই এতিয়া চাহৰ দোকানখনক যেন মস্ত এটা শ্ব’প কৰি পেলালে । তাত লিৰা, ফ্ৰাঁ, দিনাৰ, ৰুবল, পেনি, এক অনা, দুই অনা, চাৰি অনাৰ বাজনা ওৰে দিন বাজি থাকে ।
কোট-পেণ্ট-হেট পিন্ধা মানুহ এজন আহিল,‘ৰুপি ল’বানে ?’
‘ইয়েচ, কি ৰুপি ?’, বৃদ্ধই সুধিলে ।
‘মোৰ হাতত খেতিয়কৰ ঘৰৰ ৰুপি আছে, ওৰে জীৱন ধৰি জমা কৰা ৰুপি ।’
বৃদ্ধই ক’লে,‘ল’ম ।’
‘মৰাপাট কলৰ শ্ৰমিকৰ দৰমহা আৰু প্ৰভিডেণ্ট ফাণ্ডৰ ৰুপি আছে, ল’বানে ?’
‘ল’ম ।’ অলপ হাওলি বৃদ্ধই ক’লে,‘আৰু ।’
‘কেৰাণীৰ জীয়েকৰ বিয়াৰ বাবে জমা কৰা ৰুপি আছে, ল’বানে ?’
‘ল’ম’, মানুহে একেধৰণৰ আৰু নতুনত্ব নথকা ডলাৰ, পাউণ্ড আদি চাব বিচৰা নাই ।
সকলো নোটেই কিন্তু সিহঁতৰ নিচিনা লেতেৰা আৰু দুৰ্গন্ধৰে ভৰা ।
তেওঁ ক’লে,‘ঠিক আছে, সেয়াই দিয়া, কিন্তু তেওঁলোক ওলোটাই নিবলৈ নাহেতো ?’
বগা কোট-পেণ্ট-হেট পিন্ধা আৰু ফ্ৰেঞ্চ কাটৰ বগা মানুহজনে ক’লে,‘খেতিয়কে ডিঙিত ফাঁচ লগালে, মৰাপাট কলৰ শ্ৰমিকে ৰেল লাইনত ডিঙি দিলে, গাভৰু ছোৱালীজনীয়ে বিহ খালে, ন’ ৱৰিছান, মই বিলাতৰ পৰা উলটি আহি ল’ম ।’
ইউনিভাৰ্ছেল কাৰেনচি শ্ব’পৰ বৃদ্ধই এতিয়া লেতেৰা ৰুপিবোৰ দেখুৱাই দেখুৱাই খুব হাতচাপৰি পায় । ৰুপি দেখুৱাই দেখুৱাই তেওঁ বৰ সুন্দৰকৈ ৰুপিৰ ইতিহাস কয় ।
✍️ড৹ কুমুদ ঘোষ,
বিভাগীয় প্ৰধান,
শিক্ষাতত্ত্ব বিভাগ,
নকছাৰি মহাবিদ্যালয়,
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ