পেপাৰ বয় এটি প্ৰেম কাহিনী ০১-সঞ্জীত দাস

©Admin
0
( ১ )

-- নাম কি? 
--- ৰবি ...!
--- কি আগে পিছে একো নাই। 
--- আছে...আছে! 
--- তেতিয়াহ'লে ক না সম্পূৰ্ণ নাম! 
--- ৰবি মানে ৰবি সিং। 
--- ঠিক আছে এতিয়া তই যা । কালি ৰাতিপুৱা চাৰিটা বজাত আহিবি। 
--- হ'ব দিয়ক । এতিয়া আহিছোঁ মালিক । 
    মই গুচি আহিলো। দোকানখনৰ পৰা। ওলাই আহি ভাবিলোঁ। কিবাকৈ যে কামটো পালো ! আজিৰ পৰা দেউতাৰ কষ্ট অলপ কমিব। মই অলপ হ'লেও ঘৰৰ কাৰণে উপাৰ্জন কৰিম কিমান  যে ভাল লাগিব। দেউতা আৰু মাৰ মই একমাত্ৰ ল'ৰা সেয়ে তেওঁলোকে মোক কাম কৰিবই নিদিয়ে। হ'লেও দেউতাই ঘৰে ঘৰে হাজিৰা কৰি ফুৰিব আৰু মই চাই থাকিম সেই গতিকে এই কামতো হাতত ল'লো। দৰমহা কম যদিও কামটো বহুত ভাল লাগিব। ঘৰত কথাটো ক'বলৈ দেখোন ভয় লাগিছে .... কওঁ নে নকওঁ ঘৰত কথাটো ....।
কথাটো শুনি যদি দেউতাই মোক গালি দিয়ে তেতিয়া। যিয়েই নহওঁক আজি মই ঘৰত কথাটো ক'ম। ঘৰত যদি মিছা মাতি কামতো কৰিব যাওঁ পাছত হয়তো বিপদ আহিব পাৰে। 
           মই বজাৰৰ মাজে মাজে চাইকেল চলাই আহি থাকিলো। ক'ৰ পৰা জানো এজাক বৰষুণ আহিল .... অবশ্যে আজি কেইবাদিনো বৰষুণ দি আছে। আহাৰ মহীয়া বৰষুণ বৰ সৰু নহয়। বৰষুণজাক অহাৰ লাগে মই এখন বন্ধ দোকানৰ বাৰাণ্ডাত ৰৈ গ'লো, চাইকেলখনো দোকানখনৰ বাৰাণ্ডাত উঠাই দিলো। বৰষুণজাক অহাৰ লগে লগে মানুহবোৰৰ থান-থিত নোহোৱা হৈ পৰিল কোনোবাই যদি খোলা দোকানত সোমাইছে, আকৌ কোনোবাই  বন্ধ দোকানৰ বাৰাণ্ডাত ৰৈ বৰষুণ জাকৰ কবলৰ পৰা নিজকে ৰক্ষা কৰিছে। মই এবাৰ আকাশখনৰ ফালে চালোঁ আকাশখনত  বেছি মেঘ নাই  কিন্তু বৰষুণ দি আছে .. আচৰিত! বৰ আচৰিত প্ৰকৃতিৰ সৌন্দৰ্য্য । কিছু সময় পাছত এজনী ছোৱালীক এটা ছাতি লৈ অহা দেখা পালোঁ। তাই দেখোন ছাতি লৈও বৰষুণত তিতিছে, ইমানেই ডাঙৰ বৰষুণ নে । তাই মই ৰৈ থকা বাৰাণ্ডাখনলৈ আহিল আৰু ছাতিটো জপাই নিজকে নিজে ক'লে ইমান ডাঙৰ বৰষুণ দিলে একেবাৰে ছাতিয়েই কাম নিদিয়া হ'ল ...
তাই কান্ধত ওলোমাই লোৱা বেগটোৰ পৰা ম'বাইল এটা উলিয়াই ফোন কৰিছে কাৰোবাক । মই এইবাৰ ছোৱালীজনীৰ ফালে এবাৰ চালোঁ ... বয়সত কলেজত পঢ়ি থকা ছোৱালী যেন লাগিল। দেখিবলৈ ধুনীয়া হয়। কিন্তু .... ছে: মই কিবা কথাবোৰ ভাবি আছোঁ। এনেতে ছোৱালীজনীৰ মুখত শুনা পালো ধমকিৰ শব্দ , কৈ আছে যে -- " ইমান দেৰি লাগেই নেকি? আজি তহঁতৰ কাৰণে বৰষুণত তিতিব লগীয়া হ'ল। তহঁত আজি আহ্ ঘৰত কি কৰিম চাই থাক।" মোৰ ছোৱালীজনীৰ কথা শুনি অলপ ভয় লাগিল। কেনেকুৱা ছোৱালী ..খং উঠিল বুলিয়েই ইমান বেয়াকৈ কয় নে। কিছু সময় পিছত বৰষুণ কমিল। ছোৱালীজনীয়ে দোকানৰ বাৰাণ্ডাখনৰ পৰা ওলাই গ'ল। কোনফালে গ'ল ধৰিব নোৱাৰিলোঁ। মইয়ো বিশেষ মন নিদি চাইকেলখন দোকানখনৰ বাৰাণ্ডাৰ পৰা নমাই আহি থাকিলোঁ ঘৰলৈ । আমাৰ ঘৰৰ পৰা কামটো পোৱা ঠাইলৈ তিনি কিলোমিটাৰ হয়। সেয়ে চাইকেল এখন লাগিবই। আজি দেউতাক কম কথাটো। চাইকেল এখনৰ কথা। আৰু বেলেগৰ চাইকেল কিমানদিন দিব এদিন দুইদিন খুব বেছি তিনিদিন । তাৰপিছত ....। 
এনেতে মই  লগ পালোঁ ৰমনী দাক। এই গাওঁৰ এজন মদাহী। মদাহী মানে একেবাৰে নাম থকা মদাহী। মোতকৈ  চাৰি বছৰ মান  ডাঙৰ , মই দাদা বুলি মাতো৷আজি কিন্তু সি মদ খোৱা নাই।এই ছেগতে মই চাইকেল এখন আছে নে নাই সুধি লওঁ বুলি মই ক'লো 
--- ৰমণী দা,মোৰ এটা সমস্যা হৈছে। 
--- কি সমস্যাহে কচোন মোক ।
--- মানে ৰমণী দা,মোক এখন পুৰণি চাইকেল লাগিছিল। --- ওহোঁ সেইটো কথা মোৰ এখন আছে ল'ব পাৰা ...। 
--- কেনেকুৱা ভালে আছে নে ? 
--- উম আছে একেবাৰে নতুন হৈ আছে, তই গৈ এবাৰ চাই আহিবি .... হ'ব মই এতিয়া আহিছো তই আবেলি  আমাৰ ঘৰলৈ আহিবি ...। 
ৰমণী দাই মোক মাত লগাই গুচি গ'ল । মোৰ মনতো ভাল লাগিল কিবাকৈ হ'লেও চাইকেল এখন পালোঁ যদিও দাম বেছি নহয় সেইখন কিনিব লাগিব তাকে ভাবি মই ঘৰলৈ আহিলোঁ ।

ক্ৰমশঃ 

✍️সঞ্জীত দাস  ( পাটাছাৰকুছি )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)