অবিৰত যাত্ৰী-লক্ষীন্দ্ৰ গগৈ

জীৱন পথৰ অবিৰত যাত্ৰী আমি
আগবাঢ়ি যাম হেজাৰ ভেটা ভাঙি।
হে জ্ঞানৰ মহান পণ্ডিত গণ,
আমাক উজলোৱা,অজ্ঞানৰ আন্ধাৰ ভেদি,
তাৰে কামনা আৰু আশা কৰি ,
প্ৰণিপাত জনাইছোঁ চৰণত ধৰি ।
তুমি দিয়া জ্ঞানৰ পোহৰত
জিনিব পাৰোঁ যাতে
অগ্নি যুগৰ বিশাল সমৰত ।
 
আমি পঢ়িম, আমি শিকিম,
আমি শিকি আগবাঢ়িম ।
অজ্ঞানৰ আন্ধাৰ ভেদিম,
জ্ঞানেৰে পোহৰ কৰিম ,
আৰু সকলোৱে হাঁহি মুখে 
খোজ কাঢ়ি আগবাঢ়িম ।

দুখৰ সংসাৰ এৰি সকলোৱে বিদায় মাগিম,
সুখৰ নাৱত উঠি জীৱন নদী পাৰ কৰিম।
আৰু অবিৰত যাত্ৰীৰ জীৱন পথৰ 
অন্তিম ঠাই ডোখৰত 
জলন্ত অগ্নিত শৰীৰ জাহ দি,
গুচি যাম সংসাৰৰ মায়া মোহ এৰি ।।
                      
✍️লক্ষীন্দ্ৰ গগৈ(দশম শ্ৰেণী)
     ঢকুৱাখনা, লখিমপুৰ, অসম

Post a Comment

Previous Post Next Post