আৰ্তজনৰ কাষত
যি অসহায় হতাশাগ্ৰস্থ !
দেখিছানে সিহঁতৰ
বিষাদেৰে ভ'ৰা চিঞৰ আৰু ক্ৰন্দন !
হয়, ---
মই দেখিছোঁ
প্ৰতিটো দুখৰ সাক্ষী হৈ,
জীৱনৰ সৈতে যুঁজি যুঁজি
মৃত্যুক আকোৱালী লোৱা
যাযাবৰী মানুহৰ মৃত শৰীৰৰবোৰ !
আৰু দেখিছোঁ
তেজ, মঙহৰ ঘুণীয়া
জীৰ্ণ শীৰ্ণ নৰ কঙ্কালবোৰ -!
কেতিয়াবা শুনিও
নুশুনা হওঁ
ব্যৰ্থতাক ঢাকিবলৈ
আহোঁ আঁতৰি!
সিহঁতে কলিজাটোক টুকুৰা-টুকুৰ কৰি
শব্দহীন বেজীৰে খুচিবলৈ আহে---
আৰু মই বাকৰুদ্ধ হৈ
সিহঁতৰ শেঁতা চকুবোৰ
চাই থাকোঁ
মুক বধিৰৰ দৰে --- !
এতিয়া মই পুনৰ ব্যস্ত
হৈ পৰিছোঁ
দৰ্জা, খিৰিকী বন্ধ কৰি
কোৱাৰেনটাইন ৰোগীৰ শুশ্ৰুষাত...
নাহিবা মোৰ কাষলৈ
বৰ্তমান মইও যে
কোৱাৰেনটাইনত ---!
✍️প্ৰতিভা দাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ