দেউতাৰ মৰাশ~চুটিগল্প- দীপাংকৰ লাহন

©Admin
0
দীপকে কৰ্মসূত্ৰে অসমৰ বাহিৰত কাম কৰে।যিহেতু দীপকৰ ঘৰৰ আৰ্থিক অৱস্থা ইমান ভাল নহয়।তাৰিখ ২৩/০/২০১৪ । দীপকে ৰাতিপুৱা ডিউটি কৰা টেবুলত বহি কিবা এটা লিখো বুলিও লিখিব পৰা নাই । তাৰ হাতখন থৰ-থৰকৈ কঁপিছে । “ঐ দীপক তোৰ হাত খন ইমান কঁপিছে যে কিয়,মদ খালি নেকি ?" দীপকৰ হাত খন কঁপা দেখি দিপকৰ বন্ধু ৰিতুয়ে দীপকক ধেমালিৰ ছলেৰে সুধিলে।ৰিতুৰ কথা কথা শুনি দীপকে ৰিতুক ক'লে, “নহয় অ' ৰিতু, নাজানো আজি কি হৈছে ৰাতিপুৱাৰ পৰা মনটো কিবা খেলি-মেলি লাগি আছে।ঘৰত  বা কি হৈছে।” 
“ঘৰত কি হৈছে মানে ভাল কৈ খুলি ক'চোন।” দীপকৰ কথা ধৰিব নোৱাৰি ৰিতুয়ে দীপকক আচৰিত হৈ সুধিলে । দীপকে ৰিতুক কথাবোৰ খুলি ক'বলৈ আৰম্ভ কৰিলে। ৰিতু তোক মই কথাটো কোৱাই নাই। মানে আজি চাৰি দিন হ'ল দেউতা ঘৰলৈ অহা নাই ম'বাইলটো কিবা বেয়া হৈছিল ভাল কৰিবলৈ গৈছিল। তেতিয়াই যোৱা আজিলৈকে অহা নাই।দীপকৰ কথা শুনি ৰিতু  আচৰিত হৈ আকৌ প্ৰশ্ন কৰিলে,“তই এইবোৰ কি কৈছ দীপক, তই...." ৰিতুৰ কথা শেষ হোৱাৰ আগতে দীপকৰ ম'বাইলটো বাজি উঠিল।ক্ৰিং,ক্ৰিং,ক্ৰিং।সময় ৰাতিপুৱা ৯ বাজি ৪৫ মিনিট। “Hello" দীপকে সঁহাৰি জনাই ক'লে। সিফালৰ পৰা  ক'লে,“দীপক তোৰ দেউতাক বিচাৰি পালে কিন্তু ...."
“কিন্তু কি পাপু?” - দীপক যেন আচৰিত হ'ল।দীপকলৈ ফোন কৰা ল'ৰা জনৰ নাম পাপু। পাপুয়ে বেছি দেৰি নকৰি দীপকক ক'লে,“তোৰ দেউতাক জীৱিত অৱস্থাত নাই অ' দীপক,তোৰ দেউতাৰ মৰা শৱ দলঙৰ  তলত পানীত উপঙি থকা অৱস্থাতহে বিচাৰি পালে।” এইবুলি কৈ পাপুয়ে ফোনটো কাটি দিলে। পাপুৰ কথা শুনি দীপক হতভম্ব হ'ল আৰু লাহে লাহে চকু ৰঙা হ'ব ধৰিলে ৷ দীপকৰ ৰূপ দেখি ৰিতুয়ে দীপকক সুধিলে,“দীপক,কোনে ফোন কৰিছিল আৰু কি ক'লে? " দীপকে থুকা-থুকি মাতৰে কান্দি কান্দি ক'লে,“ৰিতু মোৰ দেউতা আৰু এই পৃথিৱীত নাই।” দীপকৰ কথা শুনি ৰিতু শিলপৰা কপৌটোৰ দৰে থিয় হৈ থাকিল একেঠাইতে।

সমাপ্ত

✍️দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)