আজি একুৰি বছৰ অতিক্রম কৰিলোঁ। পঢ়িলোঁ,শুনিলোঁ, দেউতা আৰু মাৰ আৰ্শীবাদত! অভাৱে জুৰুলা কৰা পৰিয়ালটোত ময়ে সকলোতকৈ জেষ্ঠ পুত্ৰ সন্তান। এতিয়া বয়সে কোঙা কৰিছেহি দেউতাক। আমি যেন অসহায়! মই দ্বিধাগ্রস্ত হৈ পৰিলোঁহি, এতিয়া নিৰুপায়। শিক্ষিত হৈ, কৰ্ম কৰিবলৈ লাজ লাগে! সমাজত হেয় জ্ঞান কৰে সকলোৱে, মাথোঁ হতাশাই বাট ভেটি ধৰে। কাৰণ- মই অকামিলা, এলেহুৱা! ফলশ্রুতিত সমাজত মোক হীন দৃষ্টিভংগীৰে চায়।
লিখক:-দীপান্বিতা ডেকা,ওডালগুৰি