তাইৰ সকলো অভাৱবোৰ দেউতাকে পূৰণ কৰি গৈছিল। তাইৰ দেউতাক ওচৰৰ কাৰ্যালয় এটাত কাম কৰিছিল আৰু তাৰ পৰা পোৱা টকাৰে ঘৰ -সংসাৰ চলাইছিল । হাইস্কুল শিক্ষান্ত পৰীক্ষাত মণিয়ে প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হোৱাত তাইক দেউতাকে চহৰৰ এখন ভাল কলেজত নামভৰ্ত্তি কৰালে । মণিয়ে সেই কলেজত মনযোগ দি ভালদৰে পঢ়িবলৈ ল'লে । একাদশ শ্ৰেণীত তাই প্ৰথম স্থানত উত্তীৰ্ণ হ'ল । এই কথা শুনি তাইৰ দেউতাকে ওচৰ-চুবুৰীয়াক মিঠাই খুৱালে। এইদৰে সিহঁতৰ ঘৰ-সংসাৰখন সুন্দৰভাৱে চলি আছিল। কিন্তু হঠাৎ এদিন এটা ঘটনাই সিহঁতৰ ঘৰখনলৈ অন্ধকাৰ নমাই আনিলে । সেইদিনা আছিল সোমবাৰ। মণিৰ দেউতাক ওচৰৰ বজাৰ এখনলৈ গৈছিল আৰু বজাৰৰ পৰা শাক-পাচলি কিনি আনি বাৰাণ্ডাত বহি জিৰণি লৈ আছিল । মীৰাই পানী এগিলাচ আনি দিলে । দুপৰীয়াৰ সাজ খাই তামোল এটুকুৰা খাওঁতে হঠাৎ মণিৰ দেউতাকে কাহিবলৈ ধৰিলে । লৰা-লৰিকৈ মীৰাই পানীত নিমখ অকণ মিহলাই খাবলৈ দিলে । কিছু সময়লৈকে ৰাহুল ঠিকেই আছিল কিন্তু সন্ধ্যা হোৱাৰ লগে-লগেই আকৌ জোৰেৰে কাহিবলৈ আৰম্ভ কৰিলে । এই অৱস্থা দেখি মীৰাই তেওঁক ওচৰৰ হস্পিটেললৈ লৈ গ'ল । ডাক্তৰে ৰাহুলৰ পৰীক্ষা কৰি চালে আৰু এৰাতি ইয়াতে থাকিব লাগে বুলি ক'লে । মীৰাই মণিক ফোন কৰি সকলো কথা বিৱৰি ক'লে। দেউতাকৰ খবৰ পাই মণিয়ে আহিব বিচাৰিলে কিন্তু সন্ধ্যা হোৱাৰ বাবে হাক দিলে। মণিয়ে মঙ্গলবাৰে ৰাতিপুৱা অহাৰ সিদ্ধান্ত ল'লে । ৰাতিটো মণিৰ দেউতাক ঠিকেই আছিল । মীৰাই কাষতে শুই আছিল । প্ৰায় ৪.০০ মান বজাত ৰাহুলে আকৌ কাহিবলৈ আৰম্ভ কৰিলে । মীৰাই কাহি থকা শুনি ততাতৈয়াকৈ শুৱাপাটী এৰিলে আৰু পানী এগিলাচ খাবলৈ দিলে । তথাপিও কাহি থকা দেখি মীৰাই ডাক্তৰক মাতিবলৈ বেগাই লৰ মাৰিলে । ডাক্তৰ বাবু অহালৈকে মণিৰ দেউতাকে এই পৃথিৱীৰ পৰা বিদায় ল'লে । ডাক্তৰে আহি দেখে যে মণিৰ দেউতাক আৰু ইহ সংসাৰত নাই আৰু মীৰাক এই কথা জনালে । এই কথা শুনি মীৰাই হুক্ হুকাই কান্দিবলৈ আৰম্ভ কৰিলে আৰু অলপ সময়ৰ পাছত তাই মণিক ফোন কৰিলে । মণি তেতিয়া শুই আছিল । মোবাইলটো বাজি উঠাত তাই ৰিচিভ কৰিলে । মীৰাৰ মুখৰ পৰা তাইৰ দেউতাক আৰু নাই এই কথা শুনি জোৰেৰে
কান্দিবলৈ আৰম্ভ কৰিলে ।
তাইৰ সহপাঠী ৰুণজুনে তাইক সান্ত্বনা দিবলৈ ধৰে। মণি আৰু ৰুণজুনে দুয়ো গাঁৱলৈ যোৱাৰ ব্যৱস্থা কৰিলে । ইফালে হস্পিটেলৰ পৰা ৰাহুলৰ নশ্বৰ দেহটো ঘৰলৈ অনা হ'ল । মণিয়ে ঘৰ আহি পোৱাত তাইৰ দেউতাকৰ নশ্বৰ দেহক সাবটি কান্দিবলৈ ধৰিলে । মীৰা আৰু ৰুণজুনে তাইক ধৰি সান্ত্বনা দিবলৈ ধৰিলে । কিছু সময়ৰ পাছত তাইৰ দেউতাৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হ'ল । মণিয়ে কিছু সময়ৰ পাছত নিজৰ মনক নিজেই ভাবি ভাবি সান্ত্বনা দিছে যে মানুহ মৰণশীল , এদিন নহয় এদিন সকলোৱে এই সংসাৰ এৰি যাবই লাগিব। জন্ম হ'লে মৃত্যু নিশ্চয় হ'ব। এই অনুভূতিৰ দ্বাৰা পৰৱৰ্তী সময়ত মণিয়ে পঢ়া-শুনা ভালদৰে কৰি গৈ থাকিল । এদিন তাই চাকৰি পালে আৰু সুখেৰে জীৱন নিৰ্বাহ কৰিবলৈ ধৰিলে ।
✍️মেৰী তিগ্গা
টংলা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ