এবাৰ যাওঁ ব'লা
সেই নৈৰ ঘাটলৈ
য’ত এদিন দুপৰীয়া
অভিমানৰ নৈ ভেটাৰ
কচৰৎ কৰিছিলোঁ দুয়ো,
এবাৰ সঁৰিয়হ ডৰাৰ সুৱাস
ল'বও যাম ব'লা
য’ত এদিন আবেলি
সূৰ্যাস্ত চাব গৈছিলোঁ
কথা পাতিম বুলিও
দুয়ো নীৰৱ হৈ আছিলোঁ অথচ
অবিৰাম হৃদয়ে হৃদয়ৰ কথা বুজি উঠিছিল ৷
যদি যোৱা পুনৰাবৃত্তি হ’ব
আৱেগৰ বৰষুণৰ,
যদি যোৱা অভিমানবোৰ
বতাহত উৰিব,
যদি যোৱা নতুন চিন্তাই
ঘৰ সাঁজিব...
(পত্নীৰ হাতত মৰমেৰে...)
✍️ প্ৰণৱ চক্ৰৱৰ্ত্তী
নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ