সাধাৰণ জ্ঞান

পংখী মৰাণ
0
১. গ্ৰীক সভ্যতাক অন্য কি নামেৰে জনা যায়? 
উ:হেলেনিক সভ্যতা।
২. প্ৰাচীন গ্ৰীক সভ্যতাক কোন দুটা যুগত ভগোৱা হয়? 
উ:পৌৰাণিক গ্ৰীচ আৰু ধ্ৰুপদী গ্ৰীচ।
৩. "ৱৰ্কছ এণ্ড ডেইজ" কোনে লিখিছিল?
উ:গ্ৰীক কবি হেছ'ইড।
৪. প্ৰাচীন গ্ৰীচলৈ ঋণী দাস প্ৰথাৰ উচ্ছেদ, সকলো নাগৰিকক ৰাজনৈতিক অধিকাৰ প্ৰদানৰ দৰে যুগান্তকাৰী পৰিৱৰ্তন অনা শাসকজন কোন আছিল? 
উ:চ'ল'ন।
৫. প্ৰাচীন গ্ৰীচত স্বৈৰতন্ত্ৰ কেতিয়াৰ পৰা আৰম্ভ হৈছিল? 
উ:৫৪৫  খ্ৰীষ্টপূৰ্ব।
৬. বিশ্বত গণতন্ত্ৰৰ উদ্ভৱ প্ৰথমে ক'ত হৈছিল?
উ:গ্ৰীচৰ এথেন্স নগৰী।
৭. গ্ৰীক নগৰ ৰাষ্ট্ৰ স্পাৰ্টাৰ পৰিষদক এপেলা বুলি কিয় কোৱা হৈছিল?
উ:স্পাৰ্টাৰ পৰিষদৰ অধিৱেশনবোৰ গ্ৰীক দেৱতা এপ'ল'ৰ নামত উৎসৰ্গিত এটি উৎসৱৰ উপলক্ষ্যত অনুষ্ঠিত হোৱা বাবে।
৮. বিশ্বত দাসত্ব প্ৰথাৰ প্ৰথমে ক'ত উদ্ভৱ হৈছিল?
উ: প্ৰাচীন গ্ৰীচত।
৯. গ্ৰীক সভ্যতাৰ ধ্ৰুপদী যুগ কেতিয়া আৰম্ভ হৈছিল? 
উ: খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকা।
১০. চিকিৎসাক ঐন্দ্ৰজালিক প্ৰভাৱৰ পৰা মুক্ত কৰি বৈজ্ঞানিক ভিত্তি প্ৰদান কৰা গ্ৰীক চিকিৎসকজন কোন আছিল? 
উ:হিপ্প'ক্ৰেটাছ।
১১. সমকোণী ত্ৰিভূজৰ বিখ্যাত উপপাদ্য আৱিষ্কাৰ কৰা গ্ৰীক গণিতজ্ঞজন কোন আছিল? 
উ:পাইথোগ'ৰাছ।
১২. ইতিহাসৰ যুক্তিযুক্ত অধ্যয়নশৈলীৰ সূচনা কৰা গ্ৰীক ঐতিহাসিকজন কোন আছিল যাক ইতিহাসৰ পিতৃ বুলি জনা যায়? 
উ:হেৰোড'টাছ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)