সেয়া প্ৰমাণ তুমি।
আজি মনৰ মৃত্যু হ'ল
সেয়া প্ৰমাণ তুমি।
আজি মোৰ লগত কেৱল নি:সংগতা
প্ৰকাশ কৰা ধ্যানৰ অকাল মৃত্যু,
যাৰ প্ৰমাণ তুমি।
তোমাৰ বাবে ভালপোৱা মাথোঁ আছিল,
এখিলা উকা কাগজ।
তাত তুমি নিলিখিলা একো,
মাথোঁ চাই চাই মনতে সাজি কৈ গ'লা।
নিমাতৰ অপ্ৰিয় আন্ধাৰ
যাৰ প্ৰমাণ তুমি,
কেৱল তুমি।
মনৰ শান্তিৰ বাধা তোমাৰ সেই
উকা কাগজ খিলা,
য'ত প্ৰতিদান নাই,নাই সংগ
আছে মাথো বিস্ময়
যাৰ প্ৰমাণ তোমাৰ সেই
উকা কাগজ খিলা।
✍️উৎপল মৰাং
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ