তোমাৰ অনুপস্থিতিত-বিজিত গগৈ

অসমীয়া সাহিত্যৰ চানেকি
0
তোমাৰ অনুপস্থিতিত,
গোমাই থকা আকাশখনে বৰকৈ বিজুলীয়াইছে,
বতাহজাকৰ লাহী বা লাগি
হেন্দোলি উঠিছে দেৱদাৰু জোপাৰ পাতবোৰ।
জলাহী ডাৱৰে আৱৰা হৃদয়ৰ এচুকত ,
উত্ৰাৱল হৈ পৰিছে কপাহগুটীয়া বৰষুণজাক।
শিলুৱা এন্ধাৰে ছানি ধৰিছে বুকুখন,
চকুৰ পাহিবোৰত নামি আহিছে শীতৰ কুঁৱলী।
আজি বৰকৈ মনত পৰিছে,
সেই ভালপোৱাৰ ফুচফুচনিবোৰৰ কথা।
মনত পৰিছে ,
তোমাৰ সেই অভিমানৰ ফোপোলা মুখখনলৈ।
গধূলিৰ কিচ্‌কিচিয়া আন্ধাৰত
আলহী হৈ ওলাইছে এচমকা শুভ্ৰ ডাৱৰ।
ক্ৰমাৎ চুটি হৈ পৰিছে উশাহবোৰ।
এপাহ দুপাহকৈ সৰিছে হৃদয়ৰ বিষাদবোৰ।
পিৰালিৰ কাঠনা ফুলজোপাৰ
চকুৱে মুখে হাঁহি বিৰিঙিছে,
কিজানি তোমাৰ আশাত।
শূণ্য মুঠিত এবোকোচা প্ৰেমৰ স্মৃতি,
যাৰ সুবাসত অৱকাশী স্পন্দিত হৃদয়।
চুটি হৈ আহিছে উশাহবোৰ,
কোবাল খোজেৰে আঁতৰিছে তোমাৰ স্মৃতি বোৰ।
মানুহবোৰেও আন্ধাৰত থূপ বান্ধিছেহি,
কিজানি পোহৰৰ আশাত।
তোমাৰ অনুপস্থিতিত,
মলিন আকাশত আজিও আছে এটা শুভ্ৰ তৰা,
এতিয়াও সাৰে আছে তোমাৰ অপেক্ষাত।

✍️বিজিত গগৈ
নাৰায়ণপুৰ, লক্ষীমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)