জীৱন মানে কি
সময়ৰ সোঁতত হেৰাই যায়
পৰিত্যক্ত কিছুমান
শুকান পাতৰ খৰ্মৰণি
সেউজীয়া ৰংবোৰৰ অভাৱে
জুৰুলা কৰা
হেঁপাহৰ ৰংবোৰ
ৰ'দ বৰষুণত বৈৰাগী হৈ পৰে
ভাৰসাম্য হেৰুৱাই
ঢলি পৰে কিছুমান
ঘূণে ধৰা বৰ গছ
কুৰুকি কুৰুকি দাম্ভিকতাই
অন্তঃগহ্বৰ ফোপোলা কৰে
মিথ্যাচাৰৰ মদিৰাত
সময়ক আছুটীয়াকৈ ৰাখে
সময়ো কেতিয়াবা বিৰক্ত হ'ব
শুকান আৰু সেউজীয়াৰ পার্থক্য
সমাহাৰ হৈ পৰিব
ছাই ৰঙী হৈ পৰিব
হৃদয়ৰ আৱৰণ
আৰু তেতিয়া
অৱশিষ্ট ভালপোৱাৰ চৰাইহাল
মুকলি আকাশলৈ ঢাপলি মেলিব
সময়ত সিহঁতেও ৰং সলাব
কাৰণ
সময় যে কেতিয়াও
সময়ৰ বাবে নৰয় ।
✍️ববিতা শইকীয়া