২৮ জুন-আজিৰ দিনটোৰ বিশেষত্ব

Aditi Tanti
0
২৮ জুন (ইংৰাজী: 28 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৯তম (অধিবৰ্ষত ১৮০তম) দিন। বছৰ শেষ হ'বলৈ ১৮৬ দিন বাকী থাকে।

ঘটনাৱলী :
১৯২২ - ছাৰজন হে'নৰী ক্যাৰে অসমৰ গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰে।
১৯২৭ - ছাৰ এ'গবাৰ্ট্ লৌৰী লুক্যাছ হাম্ম'ণ্ডে অসমৰ গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।
২০১১ - অসম ৰাজ্যত ভয়াবহ ৰূপত পানী বৃদ্ধি হোৱাৰ ফলত যোৰহাটত ৩জন লোকৰ মৃত্যু হয়।
২০১১ - জাপানত হোৱা ভূমিকম্পৰ ফলত ১৫,৫০০জন লোকৰ মৃত্যু হয়।
২০১২ - সাংসদ চাঞ্চুমা খুংগুৰ বিছমুতীয়াৰীয়ে দাবী কৰে যে কীৰ্ত্তন ঘোষা আৰ নামঘোষা নিষিদ্ধ কৰিব লাগে কিয়নো তাত বড়োসকলক অপমান কৰা শব্দ প্ৰয়োগ কৰা হৈছে। পিছে তেখেতৰ এই দাবী নৰজিল বৰঞ্চ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হয়।
২০১২ - ব্ৰহ্মপুত্ৰৰ পানী গংগালৈ বোৱাই নিয়াৰ প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত থল বুলি কেন্দ্ৰীয় জলসম্পদ ৰাজ্য মন্ত্ৰী ভিনচেণ্ট পালৰ ঘোষণা আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যত চাৰিওফালে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
২০১২ - অসমৰ দৰংগিৰিত নাও দুৰ্ঘটনাত ৫জন লোকৰ প্ৰাণ হানি হয়।
২০১২ - গুৱাহাটীত হোৱা প্ৰবল ভূমিস্খলনৰ ফলত ৩জন লোকৰ মৃত্যু হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)