সূৰ্যোদয়-ধাৰাবাহিক উপন্যাস {পঞ্চম অধ্যায়}-ৰাজেন দাস

পংখী মৰাণ
0
(১)
মাজুলীৰ কঢ়াল‌ গাঁও। আদৰ্শ গাঁও। মনোৰম ঠাই।মানুহবোৰৰ  মনোমোহা হৃদয়। ককা আৰু আইতা দুয়োৱে  বহুত আতিথ্য দিলে। জীৱনত এই ঋণ শুজিব নোৱাৰিম।যেন নিজৰ তিনিপো বহু দিনৰ মূৰত ঘৰলৈ আহিছে।মোহনক কঢ়াল গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত লগ পাই আহিলোঁ। সহজ সৰল, মুখমণ্ডল বহল। শকত আবত। ডেকেৰীৰ ঈৰ্ষণীয়  ।মোৰ প্ৰিয় অভিনেতা। ছেলফী উঠি ৰাতিলৈ তেওঁ গোবৰ্ধন বচন লোৱা ভাওটো চাই সুখ পালোঁ। ৰাইজেও খুব ভাল পাইছে।
পুৱাই তিনিও ফুৰিবলৈ ওলাই যাঁও। মাজুলীৰ অলিয়ে-গলিয়ে। দক্ষিণপাট সত্ৰ, চামুগুৰি সত্ৰ, নতুন চামুগুৰি সত্ৰ, কমলাবাৰী সত্ৰ, আউনীআটী সত্ৰ, ভোগপুৰ সত্ৰ ইত্যাদি ঘূৰিছোঁ পকিছোঁ।
(২)
কি অপূৰ্ব! সত্ৰনগৰী মাজুলীৰ চৌদিশ। ভৌগোলিক আৱেষ্টনী মনোমোহা।চৰাই-চিৰিকটিৰ কল-কাকলিৰ সমাহাৰ। শিল্পী কলা-কুশলীৰ সমাহাৰ। বহু দেশী-বিদেশী পৰ্যটকৰো আকৰ্ষণৰ কেন্দ্ৰবিন্দু। চৰাইৰ পৰা জান-জুৰিলৈ,গছ-লতা বনৰ পৰা শাকনি-মাহনিলৈ,সত্ৰৰ চাৰিবেৰ,উদাসীন,অৰ্ধউদাসীন সত্ৰ আদিৰ চৌদিশ বৈষ্ণৱময় সুবাস। সত্ৰৰ বেৰত চিত্ৰকলাৰ  খনিকৰী কাৰুকাৰ্য্য দেখি হতভম্ব হৈ পৰিলোঁ। কৃষ্ণ,ৰাধা, বিষ্ণু,লক্ষী,শিৱ, ব্ৰক্ষ্মা-সৰস্বতী,পাৰ্বতী,গনেশ..ইত্যাদি বাখৰপতুৱা চিত্ৰই বহু তথ্যৰ সম্ভেদ দিলে। মিউজিয়ামত থকা সামগ্ৰীয়েও বহুত নতুন নতুন সোৱাদ দিলে। কাষৰীয়া মিছিং গাঁও(বেছা দ:লো)ৰ পৰিৱেশটোৱে গুৰুজীৰ মন ভৰাই তুলিছে।
ব'ল ব'ল পকান। আলহী খাব আহিলে অলপ ফুৰিব লাগে। ইফালে-সিফালে ঘূৰা-ঘূৰি কৰিব লাগে। গাঁৱত গৈ মাজুলীত কি দেখিলি সুধিলে , কি ক'বি? এটলিষ্ট আমি অত্ৰ কেইখনকে চাই-মেলি লওঁ, মই টো শুনিছোৱেই দূৰৈত ম'হগোৱালৰ বাঁহীৰ মাত।বলীয়া কৰা মাত। বাঁহীৰ মাতত প্ৰাণ পাই উঠিছে ঐনিতম -"কিন দাক লাং কনেঙা, ছী ছী চে মন্দিৰ তে আ ছু আৰাত দু ব নে..." ।(গুৰুজীৰ ৰেডিঅ'ৰ কাৰপুংপুলি অনুষ্ঠানলৈ মনত পৰি যায়, মইয়ো শুনো,মিচিং দোৱানৰ দুৰ্বলতা ই অলপকৈ শিকাইছে) মইয়ো বাঁহী, সুহুৰিৰ নিচিনা মাত কালি শুনা যেন পাইছিলোঁ। আজি ভালকৈ তাৰ ভূ,-ভা পাব পাৰিম। মই এই কথা ভাবি থাকোঁতে গুৰুজীৰ মাতত সম্বিত আহিল। ন বৰজন?
ঠিক ঠিক। ঠিকেই কৈছে,গুৰুজী। সেইয়ে হওঁক।"আগৰ গাড়ী যিফালে যায়,পিছৰ গাড়ীও সেইফালেই যায়।"  মই প্ৰদিপক গুৰুজী কৈ সুখ পাঁও। কোন ফালৰ পৰা,কেনেকৈ নাজানো,মাতিব যে লাগে সেইটো জানো, সন্মান নো হ'ব পাৰে নাইবা ৰগৰো ।
(৩)
প্ৰশান্তই আমাতকৈ গা-পা ধুই আগতীয়াকৈ সাজু। চোতালত চাইকেল মচি মচি পাতি থকা কাৰ্যক্ৰমৰ কথা শুনিলেহিয়েই।" মই টো ৰেডি"(চগাছোৰাকাকৈ সাৱধানে ইংৰাজী,নাইবা খিচিৰি ভাষাও ক'বলৈ যত্ন লয়, তথাপি তাৰ আমি পিছফালৰ পৰা ভুল ধৰো বুলিও ভয়)। যিমান পাৰি সোনকালে হ'লে সুবিধা। মানুহৰ ঘৰ চিনি নেপালোঁ কি হ'ল।সত্ৰকেইখনৰ ফলক,ৰাস্তাৰ পোষ্টাৰ নাইবা হৰ্ডিং বা নামঘৰৰ পৰিচয়টো খবৰ পাম ভৌগোলিক অস্তিত্ব কি? সাতে-পাচে বাৰ কৰি ফুৰিবলৈ 'তিনিজন য'ত,নিৰঞ্জন ত'ত'ওলালোঁ।আইতাই সকলোকে‌ গোঁসাইঘৰৰ প্ৰসাদ,পুৱাৰ চাহ কাপ,দিনটোৰ সিধামুঠি যতনাই দিলে। কোনো বাহিৰৰ গৱেষকৰ দৃষ্টিভংগীৰ দৰে ওলাই অহা 
(যিসময়ত 'গৱেষণা'শব্দৰেই আতিগুৰি পোৱা নাছিলোঁ, অৱশ্যে মোৰ মনত গৱেষণা সম্পৰ্কীয় তুহঁজুই একুৰা নজ্বলা নহয়,যেতিয়া বিদেশী গৱেষকে মাজুলীৰ নদী, সামাজিক, পৰ্যটন, সাংস্কৃতিক,সত্ৰানুষ্ঠান... ইত্যাদি দিশৰ গৱেষণা কৰাৰ কথা বাতৰি-কাকতত পাঁও) । মন অবুজন হয়। কল্পনাতীত বাসনা। তথাপি জীৱন...। 

(৪)
সত্ৰ নগৰীৰ চৌদিশে ভকতিভাণ্ডাৰ। আমি প্ৰথমে ভুল কৰি পেলাইছিলো‍ঁ। তাতে গাঁৱৰ ভূত। কাষলতিয়ে কাষলতিয়ে কৰে ভাকূত-কূত...। জোতা-ছোতাই সত্ৰ ৰ মূল গেটৰ পৰা গৈ আছোঁ"। অ নমস্কাৰ, নমস্কাৰ,আমি দেৰগাঁৱৰ পৰা আহিছোঁ। অ' আহক,চাওঁক।মন কৰিছেই চৌপাশ...। বৰ ধুনীয়া আচাৰ-ব্যৱহাৰ। আমি সত্ৰৰ কাষেদি সোমাব খোজোঁতেই চেতনা আহিল। জোতাৰ কথা।তিনিও ল'ৰা-ঢপৰাকৈ খুলিলোঁ। যদিও আমালৈ কোনেওঁ লক্ষ্য কৰা নাছিল।কাৰণ সম্ভাষণ পৰ্বৰ পিছতে লগ পোৱা সত্ৰৰ মানুহ জন কোন ফালে গ'ল,ভ্ৰুক্ষেপ নাই। প্ৰথমে কমলাবাৰী সত্ৰ লৈ গৈছিলোঁ। এখন ৰেঞ্জা আনখন বাইছৰ চাইকেল আছিল। ক'তো অসুবিধা নেপালোঁ । ফিৰফিৰিয়া বতাহ এজাকো গাত লাগিছিল,গা-টো পাতল কৰিলে,ভাগৰো কুছি-মুছি সোমাই থাকিল। ভগৱন্তই কৃপা কৰিছে। ফেৰীত বহুত মানুহ। কেমেৰাত এমখাই দৃশ্য বন্দী কৰিছে। ফেৰিৰ কাষে কাষে পানীখিনি চুই চোৱা,ঢৌ কোবোৱা পানী,নাতিদূৰৈত হু-হু-নী...গৰাৰ কাষে পোৱালি কাছ....। শ্ৰদ্ধাৰ ভূপেন দা ই গানেৰে কোৱা নাই জানো-
মানুহে মানুহৰ বাবে...। 


 পানীযুঁৱলীত ওলমে সন্ধিয়াৰ ৰঙিলী--
(৫)
মুকলি পানী। ফটফটীয়া। দুকাজলি লৈ হুপি দিব পাৰি।পানীৰ কি অদ্ভূত সৌন্দৰ্য্য ।পাগল হৈছোঁ। সূৰ্যৰ ৰশ্মিয়ে পানীত ঢৌ খেলিছেহি।মোৰ কৌতূহল বাঢ়িছে। আমাৰ সৰু সৰু ফোন। সেইকথা বুজা আছে কোন? লাজত পৰিছোঁ। তথাপি নিজক একছেপ কৰি লৈছোঁ। এইহেন এইহেন ফোন। কেনেকৈ পানীখনৰ মাজতে মুখ জোঙা কৰি কৰি ফটো উঠিছে।অ আই----! বাপেক-মাকে এইহালক এইখন কৰিবলৈকে দৰমহাৰ পইচা এসোপাকৈ দিয়ে। ইহঁতে মুঠতে উৰাবলৈ চাই। বুৰাবলৈ চাই। ধন চাগে খাঁওতা নাই। গছতো লাগিব পাৰে। আমাৰ আকৌ ডেৰশ টকাৰ বাবে গোটেই দিনটো খপিব লাগিব। খোৱা-বোৱাও ভাল নিদিয়ে। একোঘৰত ব্যৱহাৰ বেয়া।" পেটত গাঁঠি টেকেলিও কাটি" হয় সেইদৰে বুলিহে যায়।

(৬)

‌বোধহয়,ইহঁতৰ হাগোতে,মুতুতেহে কষ্ট । ক'তে মৰো। কৈ মৰে কোন? নকৈ মৰে কোন? এতিয়া দেখিছোঁ(ঈৰ্ষা কৰা নাই) কৰি মৰে কোন? খাই মৰে কোন? কথাষাৰ কৈছোঁ হে।ফেৰিখনত যিখনহে কৰি আছে। যেন কোনোবা পাৰ্কত, কোনোবা বিখ্যাত কীৰ্তিচিহ্ন... ইত্যাদি তে ছেলফাইছে।মহাসমুদ্ৰৰ বুকুত উদ্ভণ্ডালি কিহৰ?। লগতে যদি সোপাৰে জীৱন অথলে যায়(ঈশ্বৰে নকৰক কথাষাৰ হে কৈছোঁ)।কোনে কি কৰে কাৰ কি আহে যায়।এইবোৰ চাই ভাবি থাকোঁতে ফেৰিৰ শব্দটো ক্ৰমান্বয়ে ক্ষীণ হৈ আহিল।বেঙা মেলি দেখিছোঁ মানুহ এজন-দুজনকৈ পাৰলৈ পাৰি দিয়া আহল-বহল গপছ টক্টাইদি সিপাৰলৈ উঠিছে।কোনোৱে নিজৰ বাহন নমাইছে, বয়-বস্তু পিঠিতে লৈ লৈছে, বাইক অলীয়াই  বাইকৰ পিছত এটাক ধৰিবলৈ দি আস্তে আস্তে কৈ নামিছে, চেগুন,শিমলু কাঠৰ নিচিনা টক্টাইদি ঠেলি সিপাৰলৈ নামিছে, কোনোবা কেঁচুৱা মাইকীয়ে কেচুৱাটো বুকুচাত খুব সাবধানে লৈ ভয়ে ভয়ে চেণ্ডেল চুচৰাই চুচৰাই কিবাকৈ সিপাৰলৈ আগবাঢ়িছে, এক খকৰামুকতি লগাই দিও যেন লাগিছে-জোৰা জোৰা বোৰক। প্ৰদীপে এনেকৈ ভাবিছে বুলি কাণৰ ফুপত ফছফছাইছে। মোৰ কাণখনৰ কাণমকৰিবোৰে গাড়ীয়ে স্পীডবেকাৰ পালে ড্ৰাইভাৰে ব্ৰেক মাৰিলে উজাৰ খাই পৰাৰ দৰে হৈছে। কাম-বন নাথাকিলেও সেইখন চাবলৈ কৰিবলৈ সময় নাটে।পুৱাতে আগপানী মুটনিয়ে মুখ ধুবলৈ টাইম এভেইলেবুল। নাড়ীৰ সৰু ফুটাত মলিয়ে পুত খাই গ'লেও আমি গম নেপাঁও...। মাকন বৌৱে কোন কাহানিবাই কোৱা কথাষাৰ। মানুহজনীও ঘৰখন অলপ চম্ভালি থকা নাই সন্তান ডাঙৰ নোহোৱালৈ।এৰা! দেখিছোঁ নহয় সন্তানে নিজৰ মা-দেউতা আৰু মা-দেউতাই নিজৰ পোৱা, জী ক...চম্ভালি থাকে। বাজি থাকে। সময়। অসময়। সেইদিনা ফেৰিৰ পৰা নামোতেও।তথাপি ভয় লাগে। ৰাইজৰ কাণ্ড-কাৰখানাত। কথাষাৰ আছে নহয়-"নাওঁ উঠোতে বুৰে  আৰু নামোতে বুৰে। " গতিকে...। 

‌(৭)
পসানৰ বুকু দুৰু-দুৰুকৈ কঁপি আছিল। অলপ পৰ। তাৰ পিছত ...। ৰোমান্টিক কাপোল কেইহালমানে মিচিক-মাচাকৈ হাঁহি মাজে মাজে ইটোৱে সিটোৰ চকুত চকু থৈছে,, মই মনে মনে ভাবিলোঁ-এৰা! বিদেশী প্ৰেমিকাই কৈ যোৱা যাদুকৰী তিনিটা শব্দত'আই লভ ইউ'-(আই লভ ইউ) যেন সিহঁত হাল কোনোবা যুগতে লুতুৰিপুতুৰি । প্ৰেম শ্বাশ্বত।দুটি হৃদয়ৰ সচাঁ ভাল পোৱা।দুহাতেৰে বজ্ৰসামোচেৰে ধৰাধৰি কৰি সিপাৰলৈ উঠিছে , কোনোবাই অকলশৰেই জাপ এটা দি নামিছে...। টক্টাকেইখন দীঘ-প্ৰসস্ত। মজবুত বাবে চিন্তাৰ কোনো কাৰণ নাছিল। চাৰিচকীয়া দুই-এখন বাহন পাৰ কৰোঁতেও কেৰমেৰাই নুঠাটোৱেই তাৰ প্ৰমাণ
প্ৰশান্ত ই এদিন কৈছিল-ফেৰিত সাৱধানে ঈশ্বৰক চিন্তি যাব লাগে। ফেৰিতে যেতিয়া বিহুদলে গোমগোমনি তুলি যাব, এমখাই হৰিনামো গাই যায়।পাৰত কেতিয়া পাৰ হয় গমকে নেপায়। শৰাইঘাটৰ যুদ্ধত  কোৱামৃদ্ধা হাজৰিকাই হাতচাপৰিয়াই চাপৰিয়াই সাউৎকৰে লাচিত বাহিনীৰ নাওঁ মুকলি কৰি বিপদৰ পৰা ৰক্ষা কৰিছিল-এই কথাই জুমুৰি তুলেহি। অৱশ্যে সিহঁত অভিজ্ঞতা সম্পন্ন। "সাৱধানীৰ মৰণ নাই" কথাষাৰ হৃদয়ঙ্গম কৰে। বহুতৰ পানীতেই জীৱিকা। জীয়াই থকাৰ স্থল।নদীৰ পানীয়েও জাহি- জাৱৰ পখালি পখালি কঢ়িয়াই ফুৰে কত শত সভ্যতা। নদীয়ে বুকুতে লৈ ফুৰে কত শত সভ্যতা। ইয়াতো এক নিৰাপত্তাৰ চিন্তা নেদেখি মন-মগজু ফৰকাল হৈ পৰিল।সেই ফৰকালে মাজুলীৰ কাঁচিয়লী ৰ'দতো ভাগৰুৱা অনুভৱৰ শাম কটাত সহায়ক হৈ থিয় দিলে। মাজুলী যেন হৃদয়ৰ এচপৰা সোণ। যি বিশ্বৰ বুকুতে জিলিকি আছে। 
(৮)
আমি মাজুলীত থকা মানুহঘৰৰ যোৰহাটত এটা ল'ৰা আছে। মাটি-ভেটি ও আছে। লগতে পোনা দুটি।বৰ দুষ্ট। গোটেই দিনটো খেলিব দিলে খেলি থাকিব। শিশু মনৰ ভাগৰ-জুগৰ নাথাকেই ।কি কৰো কি নকৰোঁ,ক'ত যাঁও...কৈ নাথাকে জানো।মানুহজন প্ৰশান্ত ৰ সাঁচ বন্ধু। মাজুলীলৈ যোৱাৰ পূৰ্বে তাত এদিন থাকি গৈছিলোঁ । আমাৰ যাত্ৰাৰ কথা দাদা-নবৌক জনাই ঠিক ঠাক কৰিছিল মাজুলীৰ ঘৰখনৰ লগত।প্ৰশান্তৰ কোনোবা মিলী(মিছিং ডেকা) নামৰ এজন চিনাকি আছিল। সিও যোৰহাটতে কাম কৰিছিল। খেতি-খোলাৰ কাম। সুঠাম শৰীৰ। বগা অষ্ট্ৰেলিয়ান যেন লাগে।গাল সামান্য ৰঙা। দাঢ়ি গোঁফ নাই,গাইমোৱা। দহোজনী মিছিং কনেঙৰ ক্ৰাছ।ঐনিতম কি বঢ়িয়াকৈ জুৰে---"অ ---ইয়া.......আৰৌৰোপে ন,লটোম কৌ লনীপে দু-লা মাঙ....।" তাৰ ঘৰ মাজুলীলৈ গৈছে।গুৰুজীও গৈছিল আগতে।মই হে লালুকী হৈ আছোঁ। ভেকুলী হ'ব লৈ সংগ্ৰাম কৰিব লাগিব।তাতে আকৌ-"ভেকুলীৰ পিঠিত নোম গজা" সহজ নহয়।  মানুহেও মানুহৰ পৰ্যায়লৈ আহোঁতে বহু স্তৰ পাৰ কৰি আহিছে। যিদৰে আমাৰ মাতৃভাষা ও অসমীয়া স্তৰটো পাঁওতে কেইবাটাও স্তৰ পাৰ হৈ আহিবলগা হৈছে। মনে মনে 'ফটামুখ নকৈয়ো  নোৱাৰোঁ, ক'লেও লাগে ভকতৰ দোষ'। চিন্তা বোৰ পাগুলিয়াও। এনে কৰিও কিবা এটা ভাল লাগে। 

(৯)
মাজুলীৰ চামগুৰি সত্ৰৰ কাষতে মেলা হয়। নানাৰকম বয়-বস্তু ওলায়।  মানুহৰ হাতত পিন্ধা, নাকত পিন্ধা, মূৰত মৰা, ভৰিত পিন্ধা, ডিঙিত ওলোমাই পিন্ধা... ইত্যাদি ওলাই। প্ৰাৰ্থনাৰপ্ৰয়োজনীয়-ধূপ-ধূনা,চাকি-বন্তি,পকেট মিঠাতেল, নাৰিকল,বুট-মগু,কপাহ... ইত্যাদি আছিল। বেজালীজাতীয় বহুত বস্তু। বনৌষধী ও।  ফুল-ফল বহুত।ভগৱানৰ ফটো ঠাহ খাই আছে। কৃষ্ণ -ৰাধা, সৰস্বতী,শিৱ-পাৰ্বতী, বিষ্ণু-লক্ষী...হলীউদ্,জলীউড,বলীউডৰ তাৰকাৰ ফটো, প্ৰাকৃতিক চিত্ৰ, বাঁহেৰে তৈয়াৰ কৰা সামগ্ৰী-চামুছ,কাপ,শৰাই,বিছনী, কৃষ্ণ,যীশু,নানাৰঙী পুতলা আৰু ক'ত কি হৰেকৰকমৰ ওলাইছে অ । বহুত ভাল লাগিল। আকৌ যাবলৈ মন যায়। সময় পালে যোৱাতেই  আছে। কত কি চাবলৈ আছে। কি ঠিক। চাই হেঁপাহ নপলুৱালেও চাব মন যায়। 

(১০)
জনসমুদ্ৰ । বিৰ দি বাট নোপোৱা। হৰেকৰকমৰ সামগ্ৰী। জনা-নজনা। যিদৰে জনা-নজনা মুখ বিমুখ। আমি একো বাৰ হেৰাই গৈছিলোঁ। ফোনৰ যোগেদি একেলগ হৈছোঁ। আমি একো কিনা-কোটা কৰা নাই। মাত্ৰ চাইছোঁ। মাত্ৰ প্ৰশান্তই হাতত পিন্ধা ৰছি কেইডালমান লৈছে। পিছত গম পালোঁ প্ৰদীপেও ভনীয়েকলৈ খাৰু আৰু চেইন লৈছে । মইয়ো ভনীলৈ মণি এডাল লৈছোঁ। আকৌ পলকতে ঘূৰাই দিলোঁ।"মোৰ বস্তু কিনাৰ অভিজ্ঞতা নাই কিন্তু বেচাৰহে আছে। মোৰ কথাষাৰ শেষ নহলেই -ৰ --ৰ-এইবোৰত মই ওস্তাদ। পইচা দিলোঁ সাতকুৰি দিলোঁ। এইডাল কাতিকীলৈ ভাল হ'ব। মইয়ো 'হোলা ভাই মোলা'...।  হ'ব। হ'ব । অলপ আঁতৰত ৰৈ এইখিনিতে জেলপী খাঁও। ইভাগে মোৰ পকেটত সিমান নাই। গুৰুজীৰ ওপৰত ভৰষা।গুৰুজী ক'লত আটাইকেইটাই আঙুলি চেলেকী চেলেকী জেলেপী খালোঁ। মানুহে ভাবিব সিহঁত এ জেলেপী খায়েই পোৱা নাই। তথাপি " পৰৰ পালে জ্বৰৰ গাৰে খোৱা"দি খাই ললো । সন্ধিয়া হ'লেই। বেছি দেৰি হ'লে পথ পাহৰিম। ব'ল ব'ল। প্ৰশান্ত ই তেনেকৈ কৈ কৈ গুৰুজীৰ চাইকেলৰ পিছফালে। মইয়ো চাইকেল তাৰাতাৰিকৈ উলিয়াই বাট বুলিলোঁ।

✍️ৰাজেন দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)