গুৱাহাটীৰ ISBTৰ পৰা দ্বীপ ট্ৰেভেলছৰ চেমি শ্লীপাৰখনত শিৱসাগৰৰ গৃহাভিমুখী যাত্ৰা। ৰাতি চাৰে বাৰ বজাত আমনিৰ লাইন হোটেলত ভাত খাই উঠি এনেই অলপ পিৰিক-পৰাক কৰি থাকোতে সেই সময়ত বৈকুন্ঠৰ নতুনকৈ চলা বৰ্মন দাই লৈ অহা volvo B11R খন ৰখালেহি লাইনত । তাকে দেখি বাছ পাগল মোৰ মনটো উঠলি উঠিলেই নহয় ৷ মোবাইলটো সাউতকৈ জেপৰ পৰা উলিয়াই কেমেৰাটো অন কৰি ফটো দুখনমান শ্বুট কৰোঁতেই টিংখং অভিমুখী তনুজৰ এজনী ধুনীয়া ষোড়শী যাত্ৰী আহি দিলেহি নহয় সুধি, "আপুনি কিয় মোৰ ফটো মাৰি আছে?" মই কিবা এটা ক'বলৈ পোৱাৰ আগতেই যেনিবা অনুৰাগ ট্ৰেভেলছৰ নাহৰকীয়া লাইনৰ ড্ৰাইভাৰ বিমল দাই ক'লে, ভণ্টি তোমাৰ ফটো মৰা নাই ৷ নতুনকৈ অহা Volvo খনৰহে ফটো মাৰিছে৷ এওঁলোকৰ দৰে বহুত বাছ ফেন(পাগল) পাবা, ছোৱালীলৈ ঘূৰি নাচালেও বাছ দেখিলে ঘূৰি চায় ৷ বেচেৰী জনী শেন হৈ আহি ফেঁচাটোৰ দৰে উভতি গ'ল ৷ ময়ো আনন্দতে তাইক দেখুৱাই আৰু দুখনমান ফ’টো তুলি নিজৰ দ্বীপখনত আসন গ্ৰহণ কৰিলোহি ।
(সেইদিনা বিমল দাই বুজাই নিদিয়া হলে মোৰ পিঠিত ডবা বাজিল হেঁতেন ছাগে ৷)
✍️শ্ৰী অভিজিত শেনচোৱা
ঠিকনা- দেউবিল নপমীয়া, শিৱসাগৰ
সঁচা কাহিনী যেন পাওঁ
ReplyDeleteসুন্দৰ বাখ্যা অভিজিত ।
ReplyDelete