নীলা খামৰ চিঠি-পূৰ্ণিমা বৰঠাকুৰ বেজবৰা


খণ্ড তিনি ( ৩ )

শ্ৰদ্ধাৰ 
খুৰাদেউ
     সশ্ৰদ্ধ প্ৰণাম জনাই লিখিবলৈ আৰম্ভ কৰিছোঁ ৷ অনবৰতে তোমালৈ মনত পৰি থাকে খুৰাদেউ ৷ তোমাৰ অকৃত্ৰিম মৰমৰ মূল্য সময়ত দিব নাজানিলোঁ ৷ আমাৰ অবহেলা নিৰবে সহ্য কৰি তুমি পিতৃত্বৰ দায়িত্ব  পালন কৰি গ’লা ৷ যিকি নহওঁক আজি অনুশোচনা কৰিছোঁ যেতিয়া তোমাৰ কষ্ট সাৰ্থক বুলি ভাৱিবা ৷   
      মই তোমাক কৈছিলো যে সৰুতে  তোমাক যিমান বেয়া পাইছিলোঁ আজিকালি তাৰ দহগুণ বেছি ভাল পাওঁ ৷ সঁচাকৈ খুৰাদেউ আজিকালি তোমাৰ প্ৰতিটো কথা কামৰ মূল্য পদে পদে উপলব্ধি হয় ৷  এটা কথা এতিয়া মোৰ জলজল পটপট কৈ মনত আছে ৷ তেতিয়া মই তৃতীয় শ্ৰেণীৰ ছাত্ৰী ৷ পিছদিনা স্কুলত মাজু নেওতা (  ১১×১= ১১ , ১১×২=২২....)  খন মুখস্থ মাতিব দিব ৷ স্কুলৰ পৰা আবেলি ঘৰলৈ ওভতা চাৰে তোমাক বাটতে লগ পাই কৈ থৈ গ’ল আৰু ৰাতি তুমি মোৰ মাজু নেওঁ‌তা মুখস্থ নোহোৱালৈকে ভাত খাব দিয়া নাছিলা ৷ এবাৰ চিলমিলকৈ টোপনি আহোঁতে তুমি মোক আঠু কাঢ়ি মুখস্থ মাতিব দিছিলা ৷ অবশেষত যেতিয়া মই গোটেই নেওঁতাখন ফৰফৰকৈ মাতি দিছিলোঁ তেতিয়া তুমি মোক কোলাত বহুৱাই ভাত খুৱাই শুৱাই দিছিলা ৷ ইমান মৰমৰ পিছতো সিদিনা তোমালৈ খং কৰি চাইছিলোঁ ৷ কিন্তু আজি হাড়েহাড়ে উপলব্ধি কৰিছোঁ তোমাৰ সেই উপকাৰৰ কথা কিয়নো সেই যে মুখস্থ কৰিছিলোঁ তাৰ ফল এতিয়াও ল’ৰাছোৱালীৰ সমুখত পাৰদৰ্শিতাৰে দেখুৱাব পাৰিছোঁ ৷ ডাঙৰতকৈয়ো ডাঙৰ দুশাৰীৰ অংকবোৰত থকা পূৰন, হৰণ বোৰ মুখতে কৰি দিওঁ বাবু, মাইনা তভক মাৰে ৷ এওঁও আচৰিত হয়  আৰু তেতিয়া তোমাক শ্ৰদ্ধাৰে সোঁৱৰো “ সিদিনা তুমি তেনেকৈ মোক মাজু নেওঁতাখন মুখস্থ নকৰোৱা হ’লে কিজানি  জীৱনত মুখস্থ কৰিব নোৱাৰিলোঁহেঁতেন  আৰু সেয়ে হলে আজিৰ পূৰণ, হৰণৰ দক্ষতা ফুটুকাৰ ফেন হৈ ৰ’ল হেতেন ! 
    আমি যেতিয়া বৰ্তমানটোত কৰিব লগা কামখিনিকে বোজা বুলি ভাৱিছিলোঁ তেতিয়া তুমি আমাৰ ভৱিষ্যতটো সুদৃঢ় কৰাৰ চেষ্টাত আছিলা  ৷ তুমি কিমান দুৰদৰ্শী আছিলা ! সেয়ে ছাগে আজি তুমি সকলোৰে বাবে মহান ৰুকত ধৰা দিছা ৷ দাদা বাইদেউ সকলোৰে মুখত সৰুকালত তুমি কৰা শাসনৰ ফল। এতিয়া তেওঁলোকৰ ল’ৰাই ছোৱালীয়ে টকাই সিকাই জয়জয়ময়ময় সুখকৰ পৰিৱেশ ... ৷ 


✍️পূৰ্ণিমা বৰঠাকুৰ বেজবৰা
নগাওঁ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send