পাশৱিক অত্যাচাৰ আৰু
নৃশংসতাৰ বলি হৈ
পৰি আছিলোঁ ভোগৰ সামগ্ৰী হৈ
এদল ভোকাতুৰ কুলাংগাৰৰ আগত।
বহুত চিঞৰিলো
মা অ মা মা.....
কিন্তু সিহঁতি মোৰ চিঞৰ শুনি
কিৰিলিয়াই হাঁহিছিল।
সেই নিৰ্জন লিঙলিঙীয়া ৰাস্তাটোত
নিশাচৰৰ দৰে খোপনি পুতি
ৰৈ আছিল সিহঁতি মোলৈ।
মোৰ যৌৱন প্ৰাপ্ত
উজ্জ্বল নিমজ শৰীৰটো
মোৰ বাবেই হৈ পৰিল শত্ৰু।।
মোৰ ভুল ক'ত?
মোৰ ভুল এইটোৱেই নেকি
যে মই আজিৰ সমাজৰ নাৰী?
কিয় তহঁতৰ জন্মদাত্ৰী
মাতৃও এগৰাকী নাৰী নহয়নে?
পাৰিবিনে নিজ মাতৃৰ
কেঁচা মাংস ভক্ষণ কৰিব?
নোৱাৰ ন?
তেতিয়াহলে মোৰ কেনেকৈ পাৰিলি?
মই ও নহয় জানো
কাৰোবাৰ মা
কাৰোবাৰ ভনী
কাৰোবাৰ জীয়ৰী
কাৰোবাৰ প্ৰেয়সী।।
মোৰো তো এটা সপোন আছিল।
এজাক আশা পুহি ৰাখিছিলোঁ
মনৰ মাজত।
একুৰি বছৰ ধৰি
মইয়ো তো সাঁচি ৰাখিছিলোঁ
কোনোবা এজন ৰাজকুমাৰলৈ
নিভাঁজ মৰমবোৰ।
কিন্তু সকলো এতিয়া মাথোন
ক'লা চাই।।
তহঁতবোৰৰ গুপ্তাংগৰ শিৰশিৰণি গুচাবলৈ
যি উৰ্বৰা বাটত
জিঘাংৰ কালিমা সানিলি
সেই বাটেদিয়েই ওলাই অহা
নাছিলি নে এদিন?
মোৰ জৰায়ুতে অৱস্থিত নহয় নে
তহঁতৰ অস্তিত্বৰ ভ্ৰূণ।
পুতৌ জন্মে সেইগৰাকী মাতৃলৈ
যাৰ গৰ্ভত জন্ম হয় এনে কুলাংগাৰবোৰৰ
পাপৰ ঘৃণা কৰিবা
কিন্তু পাপীক ঘৃণা নকৰিবা
মনত থকালৈকে ভদ্ৰতাৰ মুখা পিন্ধা এচামে
হয় হয় বুলি কয়।
কিন্তু নিজনত দেখিলে মোক
কিয় চৰিত্ৰহীন বুলি কয়?
কাৰণ মই যে এগৰাকী
ধৰ্ষিতা হয়।।
এচামে দোষ দিব কাক
সেই ছুটি কাপোৰযোৰক
যদি কাপোৰযোৰেই জগৰীয়া
এক/দুই বছৰীয়া কণমানিজনীও
কিয় বলি হব লগা হয়
ধৰ্ষণৰ নামত?
যিদিনা কাপোৰজোৰক এৰি
অসুৰীক মানসিকতাক ধিক্কাৰ দিব
সেইদিনাই মোৰ লগতে
বহু ধৰ্ষিতাই মুক্তি পাব।
ঐ বাই ভনী যিমান আছ
সাহসেৰে ওলাই আহ অ
জ্বলাই শেষ কৰি পালে এই পাষণ্ডবোৰক
তেহেতক নিজ কৰ্মৰ
প্ৰত্যুত্তৰ দে হত অ.....
মই এগৰাকীৰ ধৰ্ষিতাই কৈছোঁ।।।
ধুনীয়া হৈছে আগুৱাই যোৱা
ReplyDelete