সংশয়ৰ স্বপ্নতত্ব-মিন্টু হাজৰিকা

©Admin
0
বসন্তৰ আগমনত কুকিলকণ্ঠি  কুলিৰ সুমধুৰ কণ্ঠই মৰনৈ পৰিয়া গাওঁখনৰ প্ৰাতঃ পৰিৱেশত সোণত সুৱগা চৰাইছে। ডেকা সকলে ন বসন্ততে এজনী চপাই ঘৰ-সংসাৰ কৰা আৰু গাভৰুহঁতে মনে মিলা জনৰ মনৰ বুজ লৈ  নিজৰ জন্মদাত্ৰি মাক-দেউতাকৰ ঐতিহ্যক বিসৰ্জন দি নামৰ পাছত আন এটা উপাধি সংযোগ কৰাৰ পৰিকল্পনা কৰিছে। কিন্তু মুঠেও এনে পৰিকল্পনাৰ কথা নভবা, চিন্তা নকৰা প্ৰফুল্ল আৰু মৃনালীয়ে ফুলকুমলিয়া বয়সতে কোনো পৰিকল্পনা নকৰাকৈয়ে এইখন সংসাৰ জগতত ভৰি দিব লগা হৈছে।গাঁৱৰে মৃণালীক অন্তঃ কৰণেৰে ভালপোৱাৰ সুবাদতে প্ৰফুল্লই আজি কুৰি বছৰ বয়সতে সংসাৰৰ বোজা ল'ব লগা হৈছে। কাৰণ সেই সময়ত ঘৰৰ মানুহে মৃণালীক কাৰোবাক গটোৱাৰ যো জা চলাইছিল। প্ৰেমিক মনে এই আয়োজনবোৰ সহ্য কৰিব নোৱাৰি দুয়োৱে আজি নামৰ আগত সাংসাৰিক অভিধাৰে বিভূষিত হৈছে। 

ঘৰৰ অমতত মৃণালীক পলুৱাই অনাপ্ৰফুল্লক ঘৰৰ মানুহে মৃণালীক ঘৰৰ ভিতৰত সুমুৱাবলৈ দিয়া নাছিল। সেয়ে উপাই বিহীন হৈ ঘৰৰে কিছু নিলগত থকা বাৰী মাটি ডোখৰত বাঁহনীৰ মুঢ়া খান্দি তাতে ঘৰ সাজি থকাৰ পৰিকল্পনা কৰিলে। কিন্তু কোনো দিন কোৰ কুঠাৰ লৈ নোপোৱা প্ৰফুল্লই এই কামত হাত দি মৃত্যু সম যান্ত্ৰনা পালে। কিন্তু একমাত্ৰ ভালপোৱাক জীয়াই ৰখাৰ বাবেই এই যান্ত্ দিনৰ পিছত দিন সহ্য কৰি গ'ল। অৱশ্যে এই কষ্ট সহ্য কৰিবৰ বাবে মৃণালীৰ মুখৰ পৰা ওলোৱা সাহস বাক্য আৰু প্ৰেৰণাই মহৌষধ হিচাপে কাম কৰিলে। দিনযোৰা কষ্টৰ অন্তত ৰাতি মৃণালীৰ হাঁহিথকা মুখ খন দেখি আৰু একেবাৰে ওচৰৰ পৰা চোৱাৰ আপাহতে  সকলোবোৰ দুখ যাতনা পাহৰি পেলাই। 

মাহযোৰা কষ্টৰ অন্তত মাটি ভাঙি এখন বাৰী আৰু এটা নিজৰ আপোন ঘৰ সজাই ল'লে। নিজৰ এটা স্থায়ী ঠিকনা হ'ল। এনেকৈয়ে দিন বাগৰিল। মৃণালীৰ শৰীৰৰ আকাৰ দিনক দিনে বাঢ়িবলৈ ল'লে। পৰিকল্পনা বিহীন সংসাৰ খনত আকৌ এটা অপৰিকল্পিত সমস্যাই দেখা দিলে। দুয়োৰে মৰমৰ ইমানেই আঠা যে গন্ধৰ্ব বিবাহৰ দহমাহ এঘাৰদিন পুৰা নৌ হওঁতেই ছোৱালী উৰ্মিৰ মুখ দেখিছে। কম দিনতেই এজনী ছোৱালীৰ বাপেকো হৈ গ'ল। পৰী সদৃশ কন্যা সন্তানটো কোলাত খেলিবলৈ লোৱাৰ পৰাই প্ৰাপ্তিত দুয়োৰে মন ভৰি উঠিল। আবেগৰ বসৱৰ্তী হৈ কোনো পৰিকল্পনা নকৰাকৈয়ে এইখন সংসাৰত খোজ দিলে হয়, কিন্তু অকল মৰমেৰেই যে পেট নভৰে সেইটো কথা এবছৰতে চাৰিওফালে অভাৱৰ সন্মুখীন হৈ দুয়োয়ে উপলব্ধি কৰি বুজি উঠিছিল। কম সময়ৰ ভিতৰতে অহা না না অভাৱে দুয়োকে কোঙা কৰি পেলালে। তিনিটা জীৱৰ অৱস্থানে জীৱিকাহীন সংসাৰ খনক এদিন দুদিন কৰি আগবঢ়াই নিওঁতে সময়ে দুয়োকে সৰিয়হ ফুল দেখুৱালে। সেয়ে একমাত্ৰ জীয়াই থকাৰ সংগ্ৰামৰ বাবে এইবাৰ পৰিকল্পনা কৰিলে। জীৱিকাৰ সন্ধানত জপিয়াই পৰিল দুয়ো। তাৰ ফল হিচাপে মৃণালীয়ে গাঁৱৰে অঙ্গনবাড়ী কেন্দ্ৰত পৰিচালিকাৰ পদবিটো লাভ কৰিলে। জীৱিকাৰ পথ একো নথকা সংসাৰ খনত সৰু হ'লেও চাকৰিটো পাই দুয়োৰে মুখত হাঁহি বিৰিঙিল। অন্তত দুয়োৰে চলিবলৈ কিছু অৰ্থ অহাৰ স্থায়ী বাট এটা মুকলি হ'ল। সংসাৰ আগবঢ়াই নিয়াত দুয়োৰে অলপ সাহস বাঢ়িল।


ইয়াৰ পাছত প্ৰফুল্লয়েও নিজৰ কৰ্ম সন্ধানত বৰ্তী থাকিল। কিন্তু একো নাপাই শেষত অঞ্চলটোলৈ নকৈ আগমন ঘটা পিয়াৰলেছ কোম্পানিৰ এজেন্ট হোৱাৰ কথাকে ভাবি কৰ্মত যোগ দিলে। দুই-চাৰি পইছা অহা হ'ল। সেই সূত্ৰে একে কোম্পানীৰে কিছু উচ্চ পদবীৰ এজেন্ট ওচৰ গাঁৱৰে যুৱক সুৰেণৰ লগত ঘনিষ্ঠতা বাঢ়িবলৈ ল'লে। কম সময়ৰ ভিতৰতে ঘৰলৈ আহ-যাহৰ পৰিমাণো বাঢ়িল। প্ৰফুল্ল আৰু সুৰেণ দুয়ো নলে-  গলে লগা বন্ধু হৈ পৰিল। অৱশ্যে বয়সৰ ফালৰ পৰা নহয়! কৰ্মসূত্ৰেহে এই বন্ধুত্বৰ সম্বন্ধত দুয়োৰে ন বৰা চাউলৰ দৰে আঠা নিছিগা হৈছে। দুয়োয়ে একেলগে অঞ্চলটোত পিয়াৰলেছ কোম্পানিৰ এজেন্ট হৈ টকা-পইছাৰে চৌখিন হ'ব নোৱাৰিলেও ঘৰ-সংসাৰ চলাব পৰা হৈছে। 

বয়স বাঢ়ি অহাৰ লগে লগে উৰ্মি মৰম লগা হৈ আহিছে। গাৰ মঙহৰ ভৰত ডিঙি- নাকৰ চিন-মোকাম নাইকিয়া হৈ পৰিছে। বগা গেঞ্জী আৰু সৰু কাটা পেন্ট এটা পিন্ধাই সন্মুখৰ চোতালৰ মাটিত চুচৰিবলৈ এৰি দিয়া হৈছে । মুখত এমোকোৰা হাঁহি লৈ তাই ৰাষ্টাৰ কাষেৰে পাৰহৈ যোৱা মানুহ বোৰক টাউকিয়াই মাতি নিজৰ উপস্থিতি‌ জাহিৰ কৰিছে। তাইৰ সেই আকুলতাক নেওঁচিব নোৱাৰি  চিনা হওঁক বা অচিনা হওঁক সকলোৱে একোলা লৈ অথবা আঁতৰৰ পৰাই জোকাই পাৰ হৈ গৈছে।

প্ৰফুল্লই এই পেচাত সোমোৱাৰ পৰা ঘৰখন এতিয়া মৃতব্যয়ী অৱস্থাৰে স্বচ্চল ভাৱে চলিব পৰা হৈছে। টকা কেইটাৰে ঘৰখনলৈ সুস্থিৰতা আহিছে হয়, কিন্তু মৃণালীৰ কামৰ বোজা দিনক-দিনে বাঢ়ি আহিছে।কেতিয়াবা দিনযোৰাকৈ  উৰ্মিক এৰি যাব লগা হয়। বেলেগ কোনো মানুহৰ যোগাৰ কৰিব নোৱাৰিলে সুৰেণকে উৰ্মিক চোৱাৰ দায়িত্ব দি থৈ যায়।


 দিন বাগৰিল। উৰ্মি স্কুললৈ যাব পৰা হ'ল। পঢ়াত মধ্যমিয়া ছোৱালী জনীয়ে এইবাৰ দ্বিতীয় শ্ৰেণীলৈ প্ৰমোচনো  পাইছে। মাক মৃণালীৰহে কৰ্মব্যস্ততা আৰু এখোপ চৰিল। এইবাৰ প্ৰজেক্টৰ কামৰ টাগিদাত ঘনকৈ সাপ্তাহিক নাইবা পষেকীয়া কৈ ট্ৰেইনিঙত যাব লগীয়াত পৰিল।

দিনৰ কৰ্মব্যস্ততাত ভাগৰ লাগি দিনমণিয়ে বিশ্ৰামৰ বাবে শয়ন কৰাৰ কথা ভাবিছে। দিনমণিৰ তেনে লেউ সেউ অৱস্থা দেখি  আগমণৰ অপেক্ষাত থকা সন্ধিয়াই নিজৰ গাটো বহল কৰাৰ কথা ভাবিছে। লাহেকৈ খুপি খুপি খোজ দি সন্ধিয়াই গোতেই ধৰিত্ৰীকে আন্ধাৰে পুৰাই নিজৰ এলেকালৈ বিস্তাৰ কৰি ল'লে। সন্ধিয়াৰ আগমনত আন্ধাৰ পথত খোজ দিবলৈ ভয় কৰি জোনাকী পৰুৱাবোৰেও নিজৰ শৰীৰতে থকা টৰ্চ জ্বলাইপোহৰ কৰি সন্ধিয়া ভ্ৰমনৰ বাবে ওলাই আহিছে। সন্ধিয়াৰ আগমনত গাঁৱৰ নামঘৰত বজোৱা ডবা-কাঁহৰ সুমধুৰ ধ্বনিয়ে গ্ৰাম্য পৰিৱেশটো ভক্তি ভাৱেৰে পুৰাই পেলালে।  ডবা-কাঁহৰ সুমধুৰ ধ্বনি শুনি গ্ৰাম্যবাসী সকলৰ সকলোৰে মুখত গুপুতে উচ্চাৰিত হৈছে - "কৃষ্ণ" মধু শব্দৰ । মৃণালীয়েও সন্ধিয়াৰ আগমনত বাঁহৰ পঁজাটোত ধূনাৰ সুগন্ধেৰে পৱিত্ৰ কৰি নিজৰ ঘৰখনৰ এচুকত থকা থাপনাৰ সন্মুখত মূৰ দোৱাই অনাগত  ভৱিষ্যত অমঙ্গল দূৰ কৰি সৎ পথত জীয়াই থাকি ব্যস্ততাৰ ধামখুমিয়াত হেৰাই নগৈ নিজে তিষ্ঠি থাকিবৰ বাবে সাহস দিবলৈ নিৰাকাৰ দেৱতাক স্তুতি কৰিছে। স্তুতি কৰি মনৰ ভাৱ ভগৱানৰ ওচৰত ব্যক্ত কৰি ওলাই আহি বাৰান্দাত বহি থকা গিৰিয়েকক দেখা পাই মৃণালীয়েও ভিতৰৰ পৰা পিৰা এখন আনি গিৰিয়েকৰ কাষতে বঢ়ি আহিব লগীয়া দিনটোৰ বাবে বাৰ্তালাপ কৰি পৰিকল্পনা কৰাত লাগিল।মৃণালীয়ে গিৰীয়েকক ক'লে-

•••••এইবাৰো মোৰ তিনি দিনিয়া ট্ৰেইনিঙত নাম আহিছে। কালিলৈ পৰাই হ'ব। কিন্তু ট্ৰেইনিং য'ত হ'ব তালৈ মই অকলে যোৱাটো সম্ভৱ নহয়। সেয়ে তুমিওঁ যাব লাগিব। 

 মৃণালীৰ কথা শুনি গিৰীয়েক প্ৰফুল্লই ট্ৰেইনিঙলৈ নিজেই লৈ যোৱাৰ কথা ভাবি তাকে ঠিৰাং কৰিলে। পিছে এইবাৰ দুয়ো অসুবিধাত পৰিল কনমাণি ছোৱালী উৰ্মিক কাৰ হাতত গতাই থৈ যাব। সেই বিষয়ে গুণা-গথা কৰি কাকো নাপাই চিন্তাত বিভোৰ হৈ আছে। তেনেত বন্ধু সুৰেণ আহি সিহঁতৰ ঘৰত উপস্থিত হৈ সিহঁতৰ মুখ মণ্ডলৰ ওপৰত চিন্তাৰ গোমা গোমা ভাৱৰ লেশ দেখি ইয়াৰ কাৰণ সুধিলে। বন্ধু প্ৰফুল্লই কাৰণটো বিৱৰি কোৱাত তাৰ সমাধানৰ বাবে সুৰেণে সিহঁতৰ ঘৰৰ কনমাণি ছোৱালী জনীক ৰখাৰ দায়িত্ব নিজেই লোৱাৰ কথা ক'লে। সেইকেইদিন পুৱা প্ৰফুল্লৰ ঘৰত চাৰে ছয় বজাত সুৰেণ আহি উপস্থিত হোৱাৰ পাছত সিহত ট্ৰেইনিঙলৈ বুলি ৰাওঁনা হোৱাৰ পৰিকল্পনা কৰিলে।  কথা  মতেই পিছদিনা পুৱাই সুৰেণ আহি চাৰে ছয় বজাত প্ৰফুল্লৰ ঘৰত উপস্থিত হ'ল। প্ৰফুল্লহঁতে সিহঁতৰ মৰমৰ কণমাণি জনীক তাৰ সুৰেণৰ হাতত গতাই ট্ৰেইনিঙলৈ বুলি ৰাওঁনা হ'ল। সুন্দৰভাৱেই প্ৰথম দুদিন অতিবাহিত হৈছিল। কিন্তু তৃতীয় দিনা ট্ৰেইনিঙৰ পৰা ঘূৰি আহি মৃণালীয়ে উৰ্মিক মনটো মাৰি থকা দেখি  চিন্তাত পৰিলে। তাইক বাৰে বাৰে সোধাৰ পাছতো তাই এটাই উত্তৰ দিছে- "নাই, একো নাইহোৱা।" তথাপিটো তাইৰ উত্তৰত মাক মৃণালীৰ মনটো খোলোচা হোৱা নাই। তাই একেটা কথাতে লাগি আছে। শেষত সন্ধিয়াৰ সাঁজ ভাত খাই শোৱাৰ সময়ত উৰ্মিক মৃণালীয়ে বিচনাৰ পাটিত ওচৰলৈ টানি আনি হাতৰ আঙুলিয়ে তাই চুলিত মৰমেৰে বুলাই দি পুনৰ মন মাৰি থকাৰ কথাটো সুধিলে। উৰ্মিয়ে সাহস পাই মাকক কান্দি কান্দি উচুপি কৈ গ'ল-"মা, সুৰেণ খুৰাই মোক আজি বৰ কষ্ট দিছে। তোমালোক যোৱাৰ কিছু সময় পাছত মই বাহিৰত খেলি থকাৰ পৰা মোক আমাৰ ভিতৰত থকা আৰ্মি বেঞ্চ খনলৈ লৈ গৈছিল। তাৰ পাছত মই পিন্ধি থকা সৰু পেন্টটো খুলিবলৈ কৈছিল। মই খুলিবলৈ লাজ কৰাত সুৰেণ খুৰাই মোৰ পেন্ট টো জোৰ যবৰদস্তি কৈ খুলি মোৰ মুখত এখন হাতে সোপা দি মোৰ ওপৰত পৰি দিছিল! মই বৰ ভয় খাইছিলোঁ। চিঞৰিব খুজিও সুৰেণ খুড়াৰ হাতখনে মুখত চেপি ধৰা বাবে চিঞৰিব পৰা নাছিলোঁ। তেনেতে মামা আহি অকস্মাতে আমাৰ ঘৰ ওলোৱাত সুৰেণ খুড়া নাইকিয়া হৈছিল আৰু তাৰ আগতেই মোক সুৰেণ খুড়াই ধমক দি কৈ থৈছে যে যদি মই কথাবোৰ কাৰোবাক কওঁ তেওঁড হেনো মোক মাৰি পেলাব। সেয়ে মই ভয় খাই তোমালোকক প্ৰথমতে ক'বলৈ সাহ নকৰি একো কোৱা নাছিলোঁ।"

উৰ্মিৰ কথাবোৰ শুনি মৃণালীৰ হাত ভৰিবোৰ কঁপিবলৈ ধৰিলে। মুৰৰ শিৰা-উপশিৰাই কিছুসময় কাম কৰিবলৈ বন্ধ কৰি দিলে। পুনৰ সুস্থিৰতা ঘূৰি অহাত মৃণালীয়ে ভাবিলে, পদূমফুল বোকাত ফুলিলেও গাত বোকা নেলাগে। নিস্পাপ নিৰ্মল দেৱশিশু হোৱাৰ বাবেই হয়তো উৰ্মিক এই নিৰ্লজ্জ মানুহখোৱা নৰৰূপী বাঘটোৱে  কলুষিত কৰিব নোৱাৰে। চকুৰ সন্মুখত অজান প্ৰশ্নই  
অগা-দেৱা কৰিছে ৷ প্ৰকৃততে অবুজ শিশুবোৰক এনেকৈ মানুহৰূপী ভক্ষকৰ হাতত গতাই থৈ যোৱাটো ন্যায় সংগত নে? আজি মৃণালীয়ে বুজি উঠিছে যে ইমান দিনে সাপকে  গাখীৰ খুৱাই পুহি ভূল কৰি আছিলে।কিছু সময়ৰ পাছত উৰ্মি টোপনি   যোৱাত  মৃণালীয়ে প্ৰফুল্লক হৈ যোৱা ঘটনাটোৰ বিষয়ে জনালে। উৰ্মিৰ দেউতাক প্ৰফুল্লই কথাটো টোপনিৰ জালতে শুনি জাপ মাৰি শোৱা বিচনাৰ পৰা উঠি অস্থিৰ হৈ পৰিলে। অভাৱী মানুহ হ'লেওঁ প্ৰফুল্লই কোনোদিন, কেতিয়াওঁ নিজৰ আদৰ্শক বিভিন্ন প্ৰতিকূল পৰিৱেশটো কিনা-বেচা কৰা নাই আৰু ভৱিষ্যতেও নকৰে। সেয়ে সি ভাবিলে আজি তাৰ অকণমাণি জনীক একো কৰিবলৈ নাপালে সঁচা কথা ।কিন্তু তাৰ মন-মগজুত বাহ লোৱা তাৰ নৰৰূপী মানুহ খোৱা ভক্ষক প্ৰবৃতিয়ে কাৰোবাক নহয় কাৰোবাক এদিন হানি কৰিবই। সেয়ে ৰাতিটো কোনো মতে পাৰ কৰি পুৱাই প্ৰফুল্ল স্থানীয় এলেকাৰ আৰক্ষী থানালৈ গৈ এজাহাৰ দি গোচৰ ৰুজু  কৰিলে। সেই মৰ্মে আহি পুলিচে তদন্ত কৰি  জগৰীয়া সুৰেণক জেললৈ প্ৰেৰণ কৰি ভুক্তভুগি উৰ্মিৰ ওপৰত হোৱা অনাকাংক্ষিত ঘটনাৰ এক সুবিচাৰ কৰি দিলে। কু-কৰ্মৰ ফল যে সদায় বেয়া তাক আকৌ এবাৰ ইতিহাসে প্ৰমাণ কৰাৰ লগতে ইয়াৰ লগত জড়িত দোষী ব্যক্তি সকলৰ সামাজিক ব্যৱস্থাত ৰখা ঠাই যে সেই ৰঙা জেল তাৰো সোৱাদ সুৰেণে পালে। 

এনেকৈয়ে উৰ্মিৰ জীৱনটো অন্ধকাৰ হ'বলৈ গৈ থকা এক অনাকাক্ষিত পৰিৱেশৰ মাজৰ পৰা মুক্তি লাভ কৰোঁতেই দু স্বপ্নৰ পৰা সাৰ পাই উঠি মৃণালিয়ে ঘনে ঘনে উশাহবোৰ লৈ ফোপাবলৈ ধৰিলে। কিছুসময় বিছনাতে বহি সুস্থিৰ হৈ তাৰ পাছত ভগৱানক আকৌ এবাৰ প্ৰাৰ্থনা  কৰিলে এনেকুৱা পৰিৱেশ আৰু ঘটনাৰ সন্মুখীন যাতে কাৰো দিন কোনো কাল নিজৰটো দূৰৰে কথা অজান শত্ৰুৰো নাহক বুলি কৈ ঘড়ীটোলৈ চাই দেখে পুৱা ছয় বাজিছে। সাত বজাত স্কুল আৰম্ভ হ'ব। গতিকে লৰালৰি কৈ উঠি মৃণালিয়ে পুৱাৰ স্নান কৰি দিনটোৰ বাবে প্ৰস্তুতি চলালে।

  ✍️"জ্ঞানকমল" 
  (মিন্টু হাজৰিকা)
পেচাঃ- অসম আৰক্ষী অনাতাঁৰ বিভাগ, বৰঘাট আউত পোষ্ট, তেজপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)