নীলা খামৰ চিঠি-বিকাশ শৰ্মা

Unknown
0
মৰমৰ নিশা

                  পোনপ্ৰথমে মোৰ মৰমকণ সাদৰৰে গ্ৰহণ কৰিবা। আশা কৰোঁ ভগৱানৰ কৃপাত তোমাৰ লগতে ঘৰৰ সকলোৱে ভালে আছা। মইও ভালে আছোঁ।  

            আজি তোমালৈ বৰকৈ মনত পৰাত ব্যস্ততাৰ মাজতেই মোৰ হৃদয়ৰ অনুভৱবোৰক বগা কাগজত নীলা আখৰেৰে তোমালৈ বুলি লিখিলোঁ। তুমিতো মোৰ মৌন ভাষা বুজিব নোৱাৰিলা!
 আজিও মনত পৰে  তোমাক দেখা প্ৰথম দিনটোৰ কথা । তোমাৰ চাগে মনত আছে এজাক বৰষুণৰ বাবেই আমি যে লগ পাইছিলোঁ। তোমাৰ আৰু মোৰ মিলনৰ সাক্ষী আছিল সেই বৰষুণ জাক। ভিজা চুলিৰে তোমাক বৰ ধুনীয়া লাগিছিল জানা চিনেমাৰ নায়িকাৰ দৰেই ........!!! মোৰ বাবে এয়া আজিও যেন এক পাহৰিব নোৱাৰা স্বপ্ন।

           বাৰু এইবোৰ কথা বাদ দিলোঁ । অহা মাহৰ ১৫ তাৰিখে মোৰ বিয়া । ঘৰৰ মানুহে চাই দিয়া ছোৱালী। বিয়া নকৰাও বুলি আছিলোঁ যদিও মা-দেউতাৰ বাবে 
এতিয়া বিয়া কৰাব ওলাইছোঁ।
তোমাক কথাবোৰ সময়ত কব নোৱাৰিলোঁ। তোমাক ভালপাওঁ বুলি কোৱাৰ সাহস মোৰ নাছিল। তথাপিও তোমাক ক'বলৈ সাহস গোটাইছিলো  যদিও তেতিয়ালৈ বহু পলম হ'ল । তাৰ বাবে মোৰ কোনো আক্ষেপ নাই । তুমি সুখত থাকিলে মইও সুখী।

 তোমাক আৰু বিশেষ একো নকওঁ। পাৰিলে মোক ভুল নুবুজিবা । এইবোৰ কথা এতিয়া কোৱা সময় নহয় যদিও মনটো শান্তিৰ বাবে ক'ব লগা হ'ল । 

 তুমি তোমাৰ সৰু পৰিয়ালটি সৈতে মোৰ বিয়ালৈ আহিবা বুলি আশা ৰাখিলোঁ। বাট চাম মই তোমালৈ !!

শেষত ভালেই থাকিবা তুমি তোমাৰ আপোনজনৰ সৈতে।।

                                     ইতি 

                     তোমাৰ আজন্ম প্ৰেমিক
                                 বিকাশ শৰ্মা  ( বিক্লু )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)