অসমৰ বানপানী সমস্যা-ড° মৃদুল চন্দ্ৰ শৰ্মা

©Admin
0
অসমৰ বানপানী সমস্যা এটা বহুদিনীয়া প্ৰাকৃতিক সমস্যা । এই সমস্যা যেন আজি এখন গ্ৰন্থ প্ৰণয়নৰ বাবে দৰকাৰী সমল । চাওঁতে চাওঁতে বাৰিষা পালেহি ।  বাৰিষা বুলি ক'লে বানপানীৰ কথা  মনলৈ আহে । সৰুৰে পৰা এই বানপানীৰ কথা শুনি আহিছোঁ । তাহানি দিনৰ পৰা স্কুলত বানপানীৰ ৰচনা লিখা মনত পৰে‌ । কিন্তু সমাধান আজিকুপতি হোৱা নাই । চৰকাৰে কোটি কোটি টকা খৰচ কৰি আহিছে । কিন্তু একো উন্নতি হোৱা দেখা নাই । এইক্ষেত্ৰত, এজন সচেতন নাগৰিক হিচাপে মনলৈ ‌অহা কিছু ভাৱ প্ৰকাশ কৰিলোঁ । “জিঅ' বেগ” গৰাখহনীয়া প্ৰতিৰোধী এটা যথেষ্ট ফলৱতী ব্যৱস্থা । ব্ৰহ্মপুত্ৰৰ তলি ড্ৰেজাৰেৰে খন্দাৰ কথা বহুত দিনৰ পৰা শুনি আহিছোঁ । ইয়াৰ কাৰণে হস্ৰম্যাদী আৰু দীৰ্ঘম্যাদী সুনিৰ্দিষ্ট আঁচনি লাগে আৰু সুপৰিকল্পিত ৰূপায়ণ ।  মথাউৰি নিৰ্মাণ কৰোতে বছৰি যিমান টকা খৰচ কৰে সেই টকাৰে কংক্ৰীটৰ মথাউৰি নিৰ্মাণ কৰিব পৰা যায় ।‌ ব্ৰহ্মপুত্ৰৰ মাজত বসবাস/ব্যৱহাৰ নকৰা বহুত চৰ-চাপৰি আছে । এই চৰ চাপৰিবোৰ কাটি  অথবা মাজেৰে বহুতো জলপ্ৰবাহৰ ব্যৱস্থা  কৰি আৰু নদীৰ পৃষ্ঠ খান্দি দ' কৰিলেও বানপানী প্ৰতিৰোধ কৰিব পাৰি বুলি অনুভৱ হয় ।  বানপানী অহাৰ সময়ত ব্যৱস্থা ল'লে কোনো লাভ নাই । সময় থাকোতেই সংশ্লিষ্ট বিভাগে এই ক্ষেত্ৰত চকু দিলে ভাল হয় । তাৰ কাৰণে লাগে চৰকাৰৰ সুনিৰ্দিষ্ট আঁচনি আৰু ৰাইজৰ সহযোগিতা ।


✍️ড° মৃদুল চন্দ্ৰ শৰ্মা, যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)