তুমি যৌৱনমতী-অঞ্জুমণি হাজৰিকা

Rinku Rajowar
0
মেঘালী আকাশৰ বুকুত
সোণাৰুৱে পাৰি দিছে 
হালধীয়া দলিচা,
কৃষ্ণচূড়াই সিঁচি দিছে 
সৰ্বত্ৰতে ৰং,
বৰষুণত তিতিছে চাতক পখী
আপোনত হৈ মগন ,
এজাৰৰ বেঙুনীয়াই মাতে হাত বাউলিয়াই
চুই চাবলৈ উঠন যৌৱন ,
ৰাধাচূড়াৰ বুকু কঁপাই 
বৈ আহিছে এচাটি বতাহ 
সানি দিছে বিৰিখৰ পাতে পাতে
এআকাশ মৰম ,

ৰঙীন আৱেশত বুকুৰ উপত্যকাত
ঠন ধৰি উঠিছে সেউজীয়া ,
অজগৰ ৰাতিবোৰ ক্ৰমান্বয়ে আঁতৰিছে
কাষ চাপি আহিছে হেঙুলীয়া প্ৰভা ,
ৰংমনে হাঁহিছে ...
ৰহিমলাই হাঁহিছে ....
যৌৱনমতী ঋতুতে 
প্ৰসৱ হব সপোনবোৰ
আশাৰ বৰষুণজাকত 
এটি কলি দুটিপাত মেলি ।
***********************

    ✍️অঞ্জুমণি হাজৰিকা 
         

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)