অকণমান দিয়া সাদৰ,
প্ৰকৃতিক হেঁপাহৰ ।
অকণমান দিয়া সময়,
অকণমান দিয়া হৃদয়,
প্ৰকৃতিক প্ৰাণৰ ।
প্ৰকৃতিৰ জীৱবৈচিত্ৰ্য,
অতি অমূল্য,
আমি ৰাখিব লাগিব অক্ষুন্ন ।
ক্ষন্তেক ৰৈ যোৱা,
লুণ্ঠন বন্ধ কৰা,
প্ৰকৃতিকো অলপ জিৰণি দিয়া ।
নিজৰ ক্ষন্তেকীয়া স্বাৰ্থ,
পৰিহাৰ নকৰিলে,
আমাৰ বিপদ অনিবাৰ্য ।
✍️মৌচম হাজৰিকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ