তুমি সাহসী,
তুমি তেজস্বিনী,
হে আমাৰ ধৰিত্ৰী মাতৃ...
তোমাৰ সৃষ্টিত,
তোমাৰ দৃষ্টিত,
তোমাৰেই মায়াত
সকলোৱে আছোঁ ৰৈ শান্তিৰ আশা লৈ।
সময় বাগৰি গ'ল,
দিনবোৰো পৰিবৰ্তন হ'ল,
চাৰিও দিশ নতুন হ'ল,
আধুনিকতাৰ পৰশে সকলো চুই গ'ল।
তোমাৰ গাৰ
সেউজীয়া সজ্জাৰো
পৰিমাণ কমি গ'ল।
হে সেউজীয়া বিনন্দীয়া প্ৰকৃতি
আধুনিকতাৰ গ্ৰাসত তুমিও পৰিলা নেকি ?
সেউজীয়া সজ্জা,
সেউজীয়া দলিছা,
তাৰ মাজত বাৰেবৰণীয়া
অলংকাৰৰ টোপোলা
আজি যেন হেৰাই গ'ল ।
পৰিৱেশ প্ৰকৃতিৰো বহু ক্ষতি হ'ল ।
এই পবিত্ৰ দিনটোত
অহা সকলো হাতে হাত ধৰি
আমি সকলোৱে গঢ়োঁ এখন
সুন্দৰ সেউজীয়া পৃথিৱী।
✍️জুনজুন ডেকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ