অণুগল্প-প্ৰমান-অমিয়া দেৱী বৰঠাকুৰ

Rinku Rajowar
0
ৰুণিমাই চোতাল সাৰি সাৰি ভাগৰি পৰিছিল। ঘৰখনৰ চাৰিওফালে নানা ধৰণৰ গছবোৰৰ পৰা ঘৰত অকনো সূৰ্যৰ পোহৰ নপৰাই হৈছে। চেঁচুকীয়া, জেলুকীয়া তাতে শুকান পাতবোৰে যে গোটেই ঘৰখন ভৰি থাকে। ৰুমনে বায়েকৰ আশান্তিটো অনুভৱ  কৰি এদিন গোটেই বাৰীখন ঘুৰি চায় অনুমান কৰিলে যে ঘৰৰ দক্ষিন দিশত থকা বাঁহনি ডৰাই ঘৰখন বিশেষভাৱে চেঁচুকীয়া কৰি পেলাইছে। সি কথাটো দেউতাকৰ লগত আলোচনা কৰিলে আৰু  ঘৰৰ সন্মুখৰ বাঁহ দুজোপা কটাৰ সিদ্ধন্ত কৰিলে। কিন্তু এই কথাও সি জানিছিল যে গছ এজোপা কাটিলে দুজোপা ৰুব লাগে।গতিকে, ঘৰৰ পিছফালে থকা কিছু দূৰৰ  মূকলি ঠাই এডোখৰত সি চাৰিটা বাঁহ ৰুইহে ঘৰৰ আগফালৰ দক্ষিন-পূৱত থকা বাঁহ দুজোপা কাটিব। সি মনতে ভাৱিলে, বাইদেউৰো অশান্তি কমিব আৰু ঘৰৰ চোতালখনো ৰাতিপুৱা সূৰ্যৰ তাপ পালে ফৰকাল হ'ব।
ৰুমনে বায়েকৰ সমানেই যে গছ - গছনিও ভাল পাই তাৰ প্ৰমান সেই সিদ্ধান্তটোতেই স্পষ্ট হ'ল।

✍️অমিয়া দেৱী বৰঠাকুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)