পঞ্চমমান শ্ৰেণীত পঢ়ি থাকোঁতে মোৰ প্ৰথম কবিতা "বৰ্ষা" দৈনিক অসমৰ " ৰংঘৰ অকণি চ'ৰা"ত প্ৰকাশ হয় । সেইটো দিন আজীৱন স্মৃতিৰ পাতত সেউজীয়া হৈ থাকিব । সেই দিনটোত অন্য এটা কাহিনীও জড়িত হৈ পৰিছিল । যিটো এই দিনৰ লগত সাঙোৰ খাই পৰিল ।
কবিতাটো কাকতত দেখি স্কুলৰ শিক্ষক এজনে শ্ৰেণীকোঠাৰ পৰা শিক্ষকৰ জিৰণি কোঠালৈ মাতি নিলে । ভয়তে ভৰি কঁপিছিল । কি দুখত পিটন খাম আগতীয়াকৈ অনুমান কৰিব পৰা নাছিলোঁ ।ভয়ে ভয়ে শিক্ষকৰ জিৰণি কোঠাত সোমাই সেপ ঢুকি ৰৈ আছোঁ ।এজন শিক্ষকে বাতৰিখন মোৰ সন্মুখত দাঙি ধৰি কবিতাটো কোনে লিখিছিল বুলি সোধাত ময়ে লিখা বুলি ক'লো । সকলো শিক্ষকে উৎসাহ দি আগলৈও লিখি থাকিব কৈছিল । বাতৰি কাকতত নিজৰ নামটো ছপা আখৰত দেখি কেনে অনুভৱ হৈছিল প্ৰকাশতীত ।
✍️ অঞ্জুমণি হাজৰিকা▪️যোৰহাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ