অসমৰ দ্বিতীয় জন প্ৰগতিশীল মীনপালক ভেৰগাওঁৰ প্ৰসন্ন ৰাভা | যুৱ-প্ৰজন্মৰ আশাৰ ৰেঙনী-অৰূপ বড়ো

©Admin
0
কষ্টৰ ফল সদায় মিঠা, মাথোঁ ধৈৰ্য্য সহকাৰে একাগ্রতাৰে নিজৰ লক্ষ্যত উপনীত হবলৈ ঘাট প্ৰতিঘাত পাৰ কৰি আগবাঢ়ি যাব লাগিব।সঁচা অৰ্থত সময়ৰ শৰ সময়ত যিয়ে মাৰিব পাৰিব সেইজন ব্যাক্তিয়ে সফল ব্যক্তি।আজিৰ তাৰিখত আমাৰ সমাজত বহু শিক্ষিত যুৱক যুৱতী চাকৰি বিচাৰি বিচাৰি হাবাথুৰি খোৱা দেখা যায় আৰু চাকৰি নাপালে এটা সময়ত বহি:ৰাজ্যত কৰ্ম সংস্থাপন বিচাৰি কোম্পানীত নিয়োজত হয়। এনে সময়তেই আমাৰ যুৱ-প্ৰজন্মৰ বাবে আদৰ্শ স্বৰূপ প্ৰগতিশীল মীন পালক তথা ওদালগুৰি জিলাৰ ভেৰগাওঁৰ অন্তৰ্গত হীৰাবাৰী বেটাগাঁওৰ নিবাসী পিতৃ মহেন্দ্ৰ ৰাভা,মাতৃ জোনাকী ৰাভাৰ পুত্ৰ প্ৰসন্ন ৰাভা।
হয়, এইজন প্ৰসন্ন ৰাভাই ১৯৯৮ চনতে
মেট্ৰিক পাছ কৰি বিভিন্ন ধৰণৰ সৰু-বৰ ব্যৱসায় আৰম্ভ কৰে।পিছলৈ চাকৰিৰ মোহ এৰি অসম আৰু ভাৰতৰ বিভিন্ন ঠাইত মীনপালনৰ প্ৰশিক্ষণ লয় আৰু ২০০৬ চনৰ পৰা মীনপালন ব্যৱসায়ত সক্ৰিয় ভাৱে মনোনিবেশ কৰে।প্ৰথমতে ৰাভাই নিজৰ আধা বিঘা মাটিত মীনপালন আৰম্ভ কৰে। বৰ্তমান ৰাভাই নিজা ১৫ বিঘা পুখুৰীৰ লগতে ঠিকাভিত্তিত বহুতৰ পুখুৰীত মীনপালনৰ সুব্যৱস্থা কৰিছে। বৰ্তমান অসমৰ লগতে সমগ্ৰ ওদালগুৰি জিলা খনত তেওঁৰ নাম অনুৰাগীৰ মুখে মুখে।ৰাভাই ওদালগুৰি জিলা খনৰ ভিতৰত প্ৰথমে বিজ্ঞানসন্মত ভাবে সংমিশ্ৰিত মীনপালন, হাপা পদ্ধতি, সমম্বিত কুকুৰা পালন, সমম্বিত মীন আৰু উদ্যান শস্য, মীন পোনা প্ৰতি পালনত আধুনিক প্ৰযুক্তিৰ কৌশল প্ৰয়োগ কৰি সফল হয়।উল্লেখযোগ্য যে ৰাভাক কৰ্ম স্বীকৃতি স্বৰূপে ২০১৭ বর্ষত ৰাষ্ট্ৰীয় মীন পালক দিৱসত ৰাজ্যৰ দ্বিতীয় শ্ৰেষ্ঠ মীন পালক বঁটাৰে সন্মানিত কৰে মীনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই, আনহাতে মীন বিভাগেও ৰাভাক জল বিপনী এখন আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰে, উক্ত জল বিপনী খনিত ভাৰতী কৃষি গৱেষণা পৰিষদৰ অনুমোদিত প্ৰতিষেধক , ঔষধ,পৰিপূৰক খাদ্য, অনুৰেখা মৌল, হৰমন বেজী আদিৰ প্ৰয়োগ কৰাৰ ব্যৱস্থা কৰে। বার্ষিক আঠ লাখ টকা উপাৰ্জন,তিনি লাখ খৰছ, দৈনিক বাৰ-তেৰ জন কর্মী নিয়োজিত কৰা হয় বুলি জানিব দিয়ে।জিলা খনৰ বহু যুৱক যুৱতী ৰাভাৰ আদর্শৰে লাভম্বিত হোৱাৰ ভিতৰতে স্থানীয় যুৱক খগেন ৰাভা, লংকেশ্বৰ ৰাভা,কৰুণা ৰাভা, ৰাকেশ ৰাভা, পৰমানন্দ ৰাভা,অভি বড়ো,ববুল বড়ো,জনা ৰাভাৰ নাম উল্লেখনীয়। স্বনিয়োজন সন্ধান দিয়া ৰাভাৰ উক্ত মীন পাম খনৰ প্ৰতি বহু যুৱক যুৱতী আকৰ্ষিতহৈ ছাত্র ছাত্ৰী সকলৰ প্ৰকল্পৰ লগতে ব্যৱহাৰিক পাঠদানৰ উৎসহৈ পৰিছে।মীন পালনৰ জৰিয়তে যে স্বাৱলম্বী হব পাৰি সেই কথা যুৱক যুৱতী সকলৰ মাজত নিয়োগৰ সম্ভাৱনীয়তা নিশ্চিত কৰাইছে।
প্ৰসন্ন ৰাভা বৰ্তমান পিতৃ, মাতৃ লগতে পত্নী ধনদা ৰাভা,জীয়ৰী কংকনা ৰাভা,পুত্ৰ মনচুম ৰাভাৰ লগত সুখী জীৱন অতিবাহিত কৰা বুলি জানিব দিয়ে।

     ■অৰূপ বড়ো

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)