ক'ৰণা তুমি কʼৰ
পৰা আহিছা ?
কিয় আহিছা ?
তোমাক লৈ
সকলোৱে চিন্তিত।
তুমি মানুহৰ সুখবোৰ
কাঢ়ি নি আছা।
দুখ বেদনা দি আছা
তোমাৰ ভয়ত
স্কুল, কলেজ, আদি
বন্ধ হৈ আছে।
ছাত্ৰ ছাত্ৰীৰ মুখত
পঢ়া শুনা কমকৈ
শুনা গৈছে।
ঘৰ দুৱাৰ, নিবাস আলয়
আদি চিকিৎসালয়লৈ
পৰিণত হৈছে।
মন্দিৰ, মছজিদবোৰ
বন্ধ হৈছে।
অক্সিজেনৰ অভাৱত
মানুহ মৃত্যুমুখত পৰিছে।
তোমাৰ বাবে এই
পৃথিৱীত ত্ৰাসৰ সৃষ্টি হৈছে।
কেৱল প্ৰয়োজন হৈছে
চিকিৎসক আৰু চিকিৎসালয়।
তুমি আঁতৰি যোৱা
বহু কষ্ট দিলা
নালাগে তোমাৰ দুখ ।
লক্ষীৰাম কুৰ্মী
শাওঁতলী (গোলাঘাট)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ