কিয় ফুলিলি তই কৃষ্ণচূড়া??
ৰক্তৰঙা হৈ তইচোন
ডাল ভৰি ফুলিলি
তোৰ সুৱাস ল'বলৈও
আজি যেন আমি
বন্দী ঘৰৰ অতিথি।
কিয় ফুলিলি তই কৃষ্ণচূড়া?
আজি যেন নীলা আকাশখনিয়েও পাহৰিলে
নিজৰ বৰণ সলাবলৈ
তথাপিও যে নীলা আকাশখনিলৈ
তই বুকু ফুলাই চাই আছ।
দুবৰিৰ সেউজীয়া দলিচাত
তোৰ ৰক্তিম আৱেসে
মোক দূৰ সিমনালৈ লৈ যায়
জকমকাই থকা ৰক্তৰঙা ফুলপাহিবোৰ
মোৰ আঁচল ভৰাই ল'বলৈ বৰ মন যায়।
কিন্তু নোৱাৰোঁ যে
তই দূৰতে ফুলি থাক হেঁপাহৰ কৃষ্ণচূড়া
তোৰ বুকুভৰণ জাকজমকতাই
আনকো হাতবাউলী ৰিঙিয়াব।
কিয় ফুলিলি তই কৃষ্ণচূড়া?
ব'হাগে যৌৱনৰ বাতৰি আনিলে
তোৰ ৰক্তিম আৱেসে আকৌ
ভৰ যৌৱনৰ জীয়াঢল নমালে
এফালে সন্ধিয়াই ভুমুকি মাৰিলে।
নিতাল আৱেষ্টনিত কৃষ্ণচূড়াও
টোপনি গ'ল,
মনৰ বেজাৰত মই মাথোঁ গাই গ’লো
কিয় ফুলিলি তই কৃষ্ণচূড়া???
✍🏻 অলকেশ কাকতি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ