নীলা খামৰ চিঠি-নিজৰা বৰ্মন ডেকা

Rinku Rajowar
0
মৰমৰ,
       বান্ধৱী তৰা
           পত্ৰৰ  আৰম্ভণীতে তোমালৈ হিয়াভৰা মৰম যাচিলোঁ। মোৰ বৰ্তমান সিমান ভাল নহয় । আশা কৰোঁ তোমাৰ যেন নেদেখা জনৰ কৃপাত মঙ্গল।
     দেশৰ পৰিস্থিতিৰ বাবে মন বেয়া লাগি থাকে । আমাৰ শৈশৱলৈ মনত পৰে। সেই সময়ৰ কথা - পৰিৱেশ বৰ ভাল আছিল। আজিৰ পৰিস্থিতিৰ কথা ভাবিলে দুখ লাগে। স্কুল কলেজ বন্ধ । ঘৰত থাকি আমনি লাগিছে। বহু ব্যস্ততাৰ বাবে তোমাৰ খবৰ ল'ব পৰা নাই । আজি মনটো বেয়া কাৰণে কামৰ ব্যস্ততাৰ মাজতো অকণমান সময় উলিয়াই তোমালৈ এই চিঠিখন লিখিলোঁ । 
      আজি বহুতো পুৰণি কথাই মোৰ মনত পৰিছে । মনত পৰিছে  আমি স্কুলত পঢ়া দিনত একেখন বেঞ্চত বহা । এজনী আগতে আহিলে আনজনীৰ কাৰণে চিট্ ৰখা , আনে বহিলে উঠাই দিওঁ । আমি কথা ক'লে সকলোৱে চাই ৰয় কাৰণ আমি ন জনী বান্ধৱীয়ে একেলগে কথা কওঁ। স্কুলৰ অনুষ্ঠানত আমি সদায় আগভাগ লওঁ । আমাক  শ্ৰদ্ধাৰ ছাৰ বাইদেউসকলেও মৰম কৰিছিল ‌। তুমি H.S.পাছ কৰি গুৱাহাটীলৈ পঢ়িবলৈ গ'লা। মই গাঁৱত পঢ়িলোঁ । আটাইকেইজনী বান্ধৱীতকৈ মোৰ বিয়া সোনকালেই হ'ল। তোমাক মোৰ বিয়ালৈ মতা নহ'ল । কাৰণ তেতিয়া মোবাইল নাছিল। কিন্তু তোমালৈ বৰকৈ মনত পৰিছিল । এতিয়াও মই কাম কৰা স্কুলত আমাৰ বন্ধুত্বৰ বিষয়ে প্ৰকাশ কৰি থাকোঁ । বাৰু তৰা বহুত লিখিলোঁ। চিঠিৰ উত্তৰ দিবা বুলি বাট চাই থাকিলো।
         আজিলৈ চিঠিৰ ইতিৰেখা টানিলো।
      

          ইতি
      তোমাৰ বান্ধৱী। 

             
✍🏻নিজৰা বৰ্মন ডেকা,সৰ্থেবাৰী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)