সময় উৰা মাৰি যায় নিজৰ বাটেৰে-ৰিজু মণি দেৱী

©Admin
0
এটা জন্মদিনৰ পাৰ্টিত লগ পাইছিল নীলাভে নীলাক। অবিবাহিত নীলাৰ বয়স যদিও পঞ্চাশৰ ওচৰত আছিল তথাপি নীলা দেখিবলৈ ধুনীয়া আৰু আকৰ্ষণীয় আছিল। দুয়োৰে চিনাকি হ'ল । লাহে লাহে বন্ধুত্ব গঢ়ি উঠিছিল। চৰকাৰী চাকৰিয়াল আছিল দুয়ো। হঠাৎ ৫৫বছৰীয়া নীলাভৰ ব্যক্তিত্বত বাৰুকৈয়ে আঘাত লাগিল।লাগিবৰ কথাই দিয়কচোন। পুৰুষে নাৰীক এটা পুতলা বুলি ভাৱে।ভাল লগালৈকে খেলিব আমনি লাগিলেই দলিয়াই দিব ।এইয়ে নব্বৈ শতাংশ পুৰুষৰ লক্ষণ  ,নীলাৰ অজ্ঞাত নহয়।  নীলাই হঠাৎ নীলাভৰ হাতত খামুচি ধৰিলে অকনমান সঁহাৰি পাই  আচৰিত কৰি ।নীলাভে কলে,

" মোক ভালকৈ তোমাৰ মৰমেৰে বান্ধি ৰাখিবা যাতে মই তোমাৰ বান্ধোন চিঙি আঁতৰি  যাব নোৱাৰো।"

 নীলাই নীলাভৰ মগজুক পাত পাতকৈ পঢ়িব খোজাৰ কৌতুহল বাঢ়ি যোৱাৰ বাবে  মাজে সময়ে কুশল বাৰ্তা সুধিছিল মাথোঁ।   নীলাভে নীলাৰ বাবে লাহে লাহে হাতখন  আগুৱাই দিছিল।
 বহু ব্যস্ততাৰ মাজতেই  নীলাভে  সময় দিছিল  নীলাক  ,বহু আন্তৰিকতাৰে। য'ত আছিল নিস্বাৰ্থ ভাৱনা । মাথো কুশল বাৰ্তা লৈছিল। কেতিয়াবা জীৱনৰ তত্ত্ব গধুৰ কথাবোৰেই  নীলাক কাষ চপাই আনিছিল অজানিতে।নীলাভৰ কথা বোৰ পঢ়ি ভাল লাগিছিল বাবেই বন্ধুত্ব গঢ়ি উঠিছিল দুয়োৰে মাজত।
নীলাই এনেকৈয়ে বুজি বৰ শ্ৰদ্ধা কৰিছিল নীলাভক ।কাৰণ নীলাভ স্পষ্টবাদী আৰু নিৰ্ভীক আছিল।

কেতিয়াও কাৰোবাক জনাৰ কৌতূহল অনুভৱ কৰা নাছিল নীলাই। তাই সুখী অনুভৱ কৰিছিল।
  নীলাভে  দুপৰীয়া বিৰতিৰ মাজতে যেতিয়া  সুধিছিল 
""কেনে আছা কি কৰিছা?  ""
তাই  আনন্দিত হৈছিল ।     
""তোমাক এবাৰ লগ পাবলৈ খুবেই মন গৈছে।""তাই নীলাভৰ পৰা এনে কথা শুনি আচৰিত হৈ ক'লে,

""কিয়?""তাই মাথো নীলাভৰ কথা বোৰ শুনিবলৈ ভাল পাইছিল বাবেই  অপেক্ষা কৰিছিল !

তাই অকলে  কোনো দিন ওলোৱা নাই।

 এইদৰেই ক'লে নীলাই।
নীলাভৰ ব্যক্তিত্বত আঘাত লাগিল।  নীলাই আকৌ সুধিলে , 
""কিয় লগ পাব খুজিছে?""
""অলপদিন জানি লঁও দিয়কচোন আপোনাক ।"হৈ এই কথাত নীলাভে অপমান বোধ কৰিলে।
লগে লগেই নীলালৈ লিখিলে ,

"আমাৰ আত্মীয়তা ইমানতেই শেষ হলেই তোমাৰ বাবে ভাল হ'ব।""
এই উত্তৰ পাই নীলাৰ খং উঠিল।নীলাই গালিৰ বৰ্ষন কৰিবলৈ ধৰিলে,
""বচ কালিলৈকে মই আপোনাৰ প্ৰেৰণা আছিলো ।
মোক ভাল লাগিছিল আপোনাৰ ।আজি কিয় কলে তুমি মোৰ  বেছি ওচৰ চাপি নাহিলেই তোমাৰ মঙ্গল হ'ব।""
 

lনীলাভে  টুইটাৰত লিখি দিলে ,"" আমাৰ সম্পৰ্কটো আৰু আগবাঢ়ি নাযাব  বুজিছো।""
নীলাই প্ৰশ্ন কৰিলে নীলাভক।
""এইয়াই আপোনাৰ আন্তৰিকতা আছিল নেকি?
মোৰ ব্যক্তিত্বতো আঘাত লাগিল।
কাৰণ মই আপোনাৰ আত্মাটোক পঢ়িব খুজিছিলো ।
বহু পুৰণি চিনাকি যেন লগা  এই আত্মাটো  কোনোবা জনমৰ আত্মীয়  আছিল  কিজানি ।
 মই আপোনাক বান্ধিব নোৱাৰিম কাৰণ আপুনি অপৰাজেয় সৈনিক এই জীৱনৰ ।সুখী থাকক আপুনি।
কাৰণ চিনাকি বাটৰ এজন বাটৰুৱা আছিল আপুনি ।
যোৱা সময় হ'লে কোনোৱে কাকো ৰাখিব নোৱাৰে এইয়াই প্ৰকৃতিৰ নিয়ম।
 মই আচৰিত হোৱা নাই। এইয়াই আছিল আপোনাৰ আন্তৰিকতা?
মাথো আপোনাৰ কুশলতা কামনা কৰিম‌।
সদায়েই। ""

এনেকৈ নীলাই লিখি পঠালে নীলাভৰ টুইটাৰত ।

তাৰ পিছৰে পৰা নীলাভৰ বাতৰি নাই দুদিন মান।
এটা বুজিব নোৱাৰা জটিল চৰিত্ৰ নীলাভৰ।কেতিয়াবা শিশুৰ দৰে সৰলতা আকৌ কেতিয়াবা ৰহস্যময় ।

নীলা নিজৰ পৃথিৱীত আকৌ ব্যস্ত হৈ পৰিল।নীলাভ
উভতি আহিল একুৰা অগ্নি হৈ আৰু এজাক বৰষুণ হৈ ৷

✍️ৰিজু মণি দেৱী। নগাঁও।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)