Homeঅণুগল্প মোৰ প্ৰেম-অলকেশ খাটনিয়াৰ June 08, 2021 0 আজি তাইক দেখি মোৰ মনটো ভাল লাগিল । বহুদিনৰ পৰা কʼম বুলি ভাবি থকা কথাটো আজি কʼবলৈ ওচৰলৈ গʼলো । তাই মোক দেখি ক'লে - "কি খবৰ , ৰাজীৱ দাদা ?" তাৰ পিছত মই তাৰ পৰা উভতি আহোঁ আৰু তাইক দিবলৈ অনা ৰঙা গোলাপ পাহিয়ো হাততেই মৰহি যোৱা দেখোঁ ।✍🏻অলকেশ খাটনিয়াৰ Tags: অণুগল্প অলকেশ খাটনিয়াৰ