প্ৰবন্ধ-সংগীত নিষিদ্ধ এটা গলিৰ কাহিনী- চুমিন্দ্ৰ চৌধুৰী

Aditi Tanti
0
২০০৭ চনৰ জুন মাহত "ইংগাৰচল ৰেণ্ড" নামৰ বহুজাতিক কোম্পানীটোত কৰ্মৰত হৈ থকাৰ সময়তে মই জাৰ্মানীৰ নামনি চেক্সনি ৰাজ্যৰ হেমলীন নামৰ নগৰ এখন ভ্ৰমণ কৰাৰ সুযোগ পাইছিলো ৷ ৱেচাৰ নদীৰ পাৰৰ  কিংবদন্তিত হেমলীন নগৰখনৰ ৰহস্যপূৰ্ণ ইতিহাস,লোক-পৰম্পৰা,নগৰ আৰু নগৰবাসীৰ শৃংখলাবদ্ধ অনুশীলনে মোক বাৰুকৈয়ে  আকৃষ্ট কৰিছিল ৷ চহৰখনত প্ৰত্যক্ষ কৰা সেই অভিজ্ঞতাখিনিকে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ ৷

১২৮৪ খ্ৰীষ্টাব্দত জাৰ্মানীৰ নামনি চেক্সনিৰ হেমলীন নগৰখনত অত্যধিক এন্দুৰৰ বংশবৃদ্ধিয়ে এক আতংকৰ সৃষ্টি কৰিছিল ৷ নগৰবাসীৰ বাবে পথাৰৰ ফচল তথা ঘৰৰ সা-সম্পত্তি আদি এন্দুৰৰ জাকৰ পৰা বচোৱাটো প্ৰত্যাহ্বান হৈ পৰিছিল ৷ তাৰোপৰি এন্দুৰৰ দ্বাৰা প্লেগৰোগ বিয়পিব বুলিও নগৰবাসীৰ মনত শংকা জাগিছিল ৷ সেয়েহে নগৰৰ চেন্সেলৰজনে প্ৰচাৰ কৰি দিছিল যে,যদি কোনো সদাশয় লোকে নগৰখনক এন্দুৰৰ অত্যাচাৰৰ পৰা বচাব পাৰে তেন্তে তেওঁক এক হাজাৰ সোণৰ মুদ্ৰাৰে পুৰস্কৃত কৰা হ'ব ৷ চেন্সেলৰজনে কৰা সেই ঘোষণাৰ পাছত নগৰখনৰ এচুকত বাস কৰা ৰংচঙীয়া কাপোৰ পৰিহিত এজন পেঁপা বাদকে সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি নগৰখন এন্দুৰ মুক্ত কৰিবলৈ আগবাঢ়ি আহিছিল ৷ চেন্সেলৰজনৰ সন্মতি মৰ্মে যাদুকৰ পাইদ-পাইপাৰ ( ৰং-বিৰঙৰ কাপোৰ পৰিহিত পেঁপাবাদক ) জনে এদিন চহৰখনৰ অলিয়ে গলিয়ে পেঁপা বজাই গৈছিল ৷ সেই যাদুকৰী পেঁপাৰ সুৰত সকলো ঘৰ আৰু নলা-নৰ্দমাৰ পৰা হেজাৰ হেজাৰ এন্দুৰে পাইদ-পাইপাৰজনৰ পাছে পাছে সমদল বান্ধিছিল ৷ পাইদ-পাইপাৰজনে নিৰাধাৰ পেঁপা বজাই বজাই নগৰখনৰ গাতে লাগি থকা ওৱেচাৰ নদীখনৰ মাজেদি পাৰ হৈ যাবলৈ ধৰিলে ৷ ওৱেচাৰ নদীৰ কোবাল সোঁতত তেওঁৰ পিছে পিছে আহি থকা এন্দুৰৰ বিশাল সমদলটোৰ সলিল সমাধি ঘটিছিল আৰু সেই ঘটনাৰ পাছত হেমলীন নগৰখন সম্পূৰ্ণভাৱে এন্দুৰৰ সন্ত্ৰাসৰ পৰা মুক্ত হৈ পৰিছিল ৷ চৰ্ত মতে পাইদ-পাইপাৰজনে পুৰস্কাৰ বিচাৰি চেন্সেলৰজনৰ ওচৰ চাপিল ৷ পূৰ্বৰ চৰ্তানুসৰি চেন্সেলৰজনে যাদুকৰ পাইদ-পাইপাৰজনক এক হাজাৰ সোণৰ মুদ্ৰা দিবলৈ অপাৰগ হ'ল ৷ তাৰ পৰিৱৰ্তে মাত্র পঞ্চাশটা সোণৰ মুদ্ৰা পাইদ-পাইপাৰজনৰ হাতত গুজি দি গালি-শপনি পাৰি খেদি পঠিয়ালে ৷ চেন্সেলৰজনৰ সেই দুৰ্ব্যৱহাৰত ক্ষুদ্ধ হৈ পাইদ-পাইপাৰজনে তাৰ উচিত প্ৰতিশোধ ল'বলৈ মনতে অভিপ্ৰায় ল'লে ৷
সেইদিনাখন আছিল ১২৮৪ খৃষ্টাব্দৰ জুনৰ চাব্বিশ তাৰিখ  ৷ হেমলীন নগৰখনৰ সকলো প্ৰাপ্তবয়স্ক পুৰুষ আৰু মহিলা চেন্ট জন আৰু চেন্ট পল তিথি উপলক্ষে গীৰ্জাঘৰত পুৱাৰে পৰা ব্যস্ত হৈ পৰিছিল ৷ সেইদিনাখন সৰু সৰু ল'ৰা-ছোৱালীবোৰ অকলশৰে থকাৰ সুযোগ লৈ পাইদ-পাইপাৰজনে পেঁপা বজাই বজাই নগৰখনৰ মাজেৰ পাৰ হৈ যাবলৈ ধৰিলে ৷ যাদুকৰী পেঁপাৰ সুৰত নগৰখনৰ সকলো ল'ৰা-ছোৱালীয়ে সমদল বান্ধি পাইদ-পাইপাৰজনৰ পাছে পাছে যাবলৈ ধৰিলে ৷ সন্ধিয়া গীৰ্জাঘৰৰ পৰা গৃহস্থসকল ঘূৰি আহি ঘৰত ল'ৰা-ছোৱালীবোৰক নেদেখি হুৱা-দুৱা লাগিল ৷ নগৰখনৰ মাত্র এজন কলা , বোবা , এজন খোৰা আৰু এজন অন্ধ শিশুৰ বাদে আটাইবোৰ শিশু অন্তৰ্ধান হোৱাত নগৰবাসী ৰহস্যৰ আৱৰ্তত সোমাই পৰিছিল ৷ তিনিওটা শিশুক নগৰবাসীয়ে সোধ-পোছ কৰি পাইদ-পাইপাৰজনে  ১৩০ জন ল'ৰা-ছোৱালীক পেঁপা বজাই বজাই কাষৰ পাহাৰখনৰ গহ্বৰটোলৈ লৈ যোৱাৰ কথা জানিব পাৰিলে ৷ বহুত বিচাৰ-খোচাৰ কৰিও নগৰবাসীয়ে সেই দিনাখনৰ পাছত নিৰুদ্দেশ হোৱা শিশুসকলৰ লগতে বহুৰূপী পাইদ-পাইপাৰ জনৰ কোনো সম্ভেদ উলিয়াব নোৱাৰিলে ৷ নগৰবাসীৰ সেই মৰ্মান্তিক বেদনা চিৰ কাললৈ ৰহস্যপূৰ্ণ হৈয়েই ৰৈ গ'ল ৷
নিৰুদ্দেশ হোৱা ১৩০ জন ল'ৰা-ছোৱালীৰ সমদলটো শেষ বাৰৰ বাবে নগৰখনৰ যিটো গলিত দেখা পোৱা গৈছিল সেই গলিটোক বানগেলোচেনষ্ট্ৰাচে ( জাৰ্মান ভাষাত সংগীত নিষিদ্ধ পথ) বুলি অভিহিত কৰা হৈছিল ৷ আজিকোপতি নগৰখনৰ সেই পথ চোৱাত গান-বাজনা অথবা গাড়ী মটৰৰ শিঙা বজোৱা নহয় ৷ প্ৰত্যেক বছৰে মে' মাহৰ পৰা চেপ্তেম্বৰলৈ প্ৰতি ৰবিবাৰৰ দিনাখন চহৰৰ আশীজন বিশেষ ব্যক্তিয়ে ৰংবিৰঙৰ কাপোৰ পিন্ধি পেঁপা বজাই বজাই পাইদ-পাইপাৰজনৰ ভেশ ধৰি চহৰখন ঘূৰি নগৰবাসীক ইতিহাসৰ কৰুণ কাহিনীটো সোঁৱৰাই দিয়ে ৷ নগৰবাসীয়ে ঘৰ , দোকান অথবা পদপথত এন্দুৰৰ ছবি আঁকি নিৰুদ্দেশ হোৱা শিশুসকলক সোঁৱৰে ৷ নগৰখনৰ বেকাৰী, ৰেষ্টুৰেন্ট সমূহত এন্দুৰৰ নামকৰণ কৰি বিভিন্ন সুস্বাদু খাদ্য পৰিবেশন কৰে ৷ নগৰখনৰ সুৰাৰ বিপণী সমূহত ৰেটেনফেনংগাৰস্পাইলি ( এন্দুৰ ধৰা কাহিনী) নামৰ আমোদজনক নাটক প্ৰদৰ্শন কৰি দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰে ৷
কিংবদন্তিত যাদুকৰ পাইদ-পাইপাৰজনৰ ঘৰ আছিল বুলি ঠাৱৰ কৰা ঠাইখনতে ১৬০০ খৃষ্টাব্দ মানত এটা গীৰ্জাঘৰ স্থাপন কৰা হৈছিল ৷ সেই গীৰ্জাঘৰৰ এখন দুৱাৰত যাদুকৰ পাইদ-পাইপাৰজনৰ ছবিও আঁকি ৰখা হৈছিল ৷ সেই ঐতিহাসিক গীৰ্জাঘৰটোৰ সুউচ্চ বাৰাণ্ডা এখনত নিতৌ সন্ধিয়া পৰিবেশন কৰা পাইদ-পাইপাৰজনৰ কাহিনীৰ পুতলা নাচ দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷
হেমলীন মহানগৰীৰ এই ৰহস্যপূৰ্ণ ইতিহাস আৰু লোক-পৰম্পৰাৰ উপৰিও আৰু কিছুমান বিশিষ্ট কথাই মোক বাৰুকৈয়ে আকৃষ্ট কৰিছিল ৷ নিম্ন লিখিত সেই তথ্যসমূহৰ পৰা আমি সকলোৱেই অনুপ্ৰাণিত হোৱা উচিত ৷

১৷ অত্যাধুনিক হেমলীন নগৰখনৰ সকলোবোৰ ঘৰেই বাহিৰৰ পৰা একেধৰণৰ আৰু একে ৰঙৰ ৷ প্ৰায়বোৰ ঘৰেই দুশৰ পৰা তিনিশ বছৰ পুৰণি ৷ স্থানীয় লোকৰ পৰা জনা গ'ল যে নগৰখনৰ ঐতিহাসিক সৌন্দৰ্য্য সংৰক্ষণৰ বাবে জাৰ্মান চৰকাৰে নগৰখনৰ ঘৰসমূহ মেৰামতি কৰা আৰু সংস্কৰণৰ সম্পূৰ্ণ দায়িত্ব লয় ৷

২৷ জাৰ্মানসকলে হিটলাৰৰ আৰু নাজী কু-শাসন কালৰ বাদে নিজৰ ইতিহাসক লৈ গৌৰৱবোধ কৰে ৷ জাৰ্মানীৰ প্ৰত্যেকখন গাঁও-নগৰ আৰু চহৰত থকা যাদুঘৰসমূহে তাকেই প্ৰতিপন্ন কৰে ৷ হেমলীন নগৰখনৰ মাজমজিয়াত থকা যাদু ঘৰটোৰ ওপৰিও কিছুমান মানুহৰ ঘৰৰ সন্মুখতো ব্যক্তিগত যাদুঘৰ থকা পৰিলক্ষিত হৈছিল ৷ সকলো দেশী-বিদেশী পৰ্যটকৰ বাবে সম্পূৰ্ণ খুলি ৰখা ব্যক্তিগত যাদুঘৰবোৰত ঘৰখনৰ পুৰণি সামগ্ৰীসমূহ প্ৰদৰ্শনৰ বাবে ৰখা হয় ৷ পথিকৰ বাবে যাদুঘৰসমূহত বিনামূলীয়া খোৱা পানী , খবৰ কাগজ আৰু ইন্টাৰনেটৰ সুবিধাও থাকে ৷ ব্যক্তিগত যাদুঘৰসমূহত যাত্ৰীয়ে ভিৰ কৰিলে ঘৰৰ , পৰিয়ালৰ লোকসকলে গৌৰৱবোধ কৰা দেখা গৈছিল ৷

৩৷ ইউৰোপৰ দেশসমূহত কৈশোৰ অৱস্থাৰ পৰা ল'ৰা-ছোৱালীবোৰ চিগাৰেটৰ প্ৰতি আসক্ত হোৱা দেখা যায় ৷ ধূম্ৰপাণৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ হেমলীনৰ দোকান-বজাৰত চিগাৰেট বিক্রী কৰাটো নিষিদ্ধ ৷
অত্যাধুনিক প্ৰযুক্তিগত নগৰখনৰ ঠায়ে ঠায়ে  এ টি এম মেচিনৰ দৰে মেচিন ৰাখি থোৱা হৈছে ৷ মেচিনটোত ডেবিট অথবা ক্ৰেডিট কাৰ্ড ভৰাই দিলে মেচিনটোৱে প্ৰথমতে ক্রেতাৰ বয়সৰ অনুসন্ধান কৰে ৷ ওঠৰ বছৰ বয়সৰ উৰ্ধসকলৰ বাবেহে চিগাৰেট ক্রয়ৰ সুবিধা আছে ৷

৪৷ ভৌগোলিক অৱস্থানৰ কাৰণে হেমলীনত নিশা দহমান বজালৈ সূৰ্য্যাস্ত নহয় ৷  আবেলি আঠমান বজাত সূৰ্য্যৰ পোহৰ থাকোতেই নগৰখনৰ সকলো দোকান-পোহাৰ আৰু ৰেষ্টুৰেন্ট আদি গতানুগতিক বন্ধ হৈ যায় , পথত গাড়ী মটৰৰ ভিৰ-ভাৰ কমি যায় ৷  নগৰীয়াবাসী শেতেলীত পৰাৰ বাবে সন্ধিয়া ন মান বজাত গোটেই হেমলীন সূৰ্য্যৰ পোহৰ থাকোঁতেই নিমাওমাও হৈ পৰে ৷
হেমলীন নগৰখনৰ শৃংখলাবদ্ধ নগৰ ব্যৱস্থা আৰু নগৰবাসীৰ নিজৰ গৌৰৱান্বিত ইতিহাসৰ প্ৰতি শ্ৰদ্ধাক সঁচাকৈয়ে শলাগিবলগীয়া ৷



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)