নীলা খামৰ চিঠি- জয়া মণি ডেকা

Aditi Tanti
0
মৰমৰ
         মৰম,

       মৰমবোৰ ল’বা ৷ হঠাতে তোমালৈ এখন চিঠি লিখিবলৈ মন গ’ল ৷ নাজানো  কিয় এনেকুৱা লাগিছে ...? আজি  মই যেন তোমাৰ পৰা বহুত দূৰত ৷ সময়বোৰ যে মোৰ ভাল নলগাই হ’ল ৷ জীৱনটোত অসহায়,উদাসীনতাই আৱৰি ধৰিছে চৌপাশ ৷ পিছে তোমাৰতো ভালেই ৷ তোমাক এটা কথা ক’বলৈ বৰ মন গৈছে অ’ ৷ তুমি বা কি ভাবা নাজানো..? যদি সময় পোৱা মই প্ৰতিদিনে লিখা জীৱনৰ ডায়েৰীৰ পৃষ্ঠাবোৰ এবাৰ লুটিয়াই চাবাচোন ৷ তুমি নাচালে দেখোন কিবা আধৰুৱা আধৰুৱা যেন লাগে অ’৷ তুমি জানানে মই লিখা প্ৰতিটো শব্দই তোমাৰ মৰম বিচাৰি হাবাথুৰি খোৱাৰ সাক্ষী হৈ ৰ’ব আৰু মই  নাথাকিলেও মোৰ স্মৃতিবোৰ তুমি দলিয়াই নিদিবা ৷ মই বৰ কষ্ট পাম অ’ ৷ তুমি তোমাৰ জোখাৰে সুখী হৈ ৰোৱা তাত মোৰ কোনো আপত্তি নাই । মাথোঁ মোৰ কথাখিনি ৰাখিবা ৷ তোমাৰ জীৱনত মই আৰু কেতিয়াও বাধা হৈ থাকিব নিবচাৰোঁ ৷ সেয়ে এতিয়া মইও তোমাৰ পৰা বহুত দূৰত  ৷ তুমি হয়তো নাজানা নিসংগতাও জীৱনৰ এক সুখ,য’ত খং অভিমান নাথাকে...আজিলৈ এৰিছোঁ..৷

                                                     
ইতি                                                                     তোমাৰ                                                                 মৰম আকলুৱা,,,,
                                                   
               
                

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)