হাঁহি নাই-অজয় লাজা

©Admin
0
খেতিয়কৰ মুখত হাঁহি নাই
পথাৰ আছে ফচল নাই
কেনেকৈ যে চলিব খেতিয়ক
ধনী মানুহৰ হাঁহি
খেতিয়কৰ চকুৰ পানী
কোনেনো বুজিব কাৰ কি দুখ!
খেতি কৰি খেতিয়কে চলি আছিল সুখে দুখে
মাটিৰ মালিকবোৰে 
চৰা দাম পাই
বিক্ৰী কৰি আছে ভূঁই মাটি ।
আজিৰ মানুহবোৰে মানুহ চিনি নাপায়
চিনি পায় কেৱল টকা ।
খেতিয়কে বহু কষ্টৰে কৰা কেঁচা পাচলি
বজাৰলৈ বিক্ৰী কাৰনে আনে
ধনী ধনী মানুহবোৰে কেঁচা পাচলিখিনিত
খেতিয়কৰ লগত দৰ-দাম চলায়
যদি সেইখিনি শাক পাচলি নহয় ,
কোম্পানীৰ ৰমক জমক বস্তু হ'ল হয়
তেতিয়া দামৰ কথাই নাই ।
খেতিয়কৰ পিনেও এবাৰ চকু মেলি চাবা
ৰ'দে বৰষুণে বতাহে বোকা-পানী গচকি
খেতি কৰি খাই আছে- সুখে দুখে
পথাৰ যদি নাথাকে কি খাব ?
ডাঙৰ ডাঙৰ মানুহবোৰ
এবাৰ চকু মেলি চোৱা
খেতিয়কৰ হাঁহি ঘূৰাই অনা ।।

✍️অজয় লাজা
     মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)