১১জুন-আজিৰ দিনটোৰ বিশেষত্ব

©Admin
0
১১ জুন (ইংৰাজী: 11 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬২তম (অধিবৰ্ষত ১৬৩তম) দিন। বছৰ শেষ হ'বলৈ ২০৩ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -

▪️১৭৬০ - মহীশূৰৰ নবাৱ হাইদৰ আলীৰ সৈতে ব্ৰিটিছৰ যুদ্ধ।

▪️২০১০ - দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপ ফুটবল আৰম্ভ হয়।

▪️সকলোতকৈ বেছি সংখ্যক গান ৰেকৰ্ড কৰি অভিলেখ গঢ়ি থৈছে লতা মঙ্গেশকাৰে (লতা মঙ্গেশকাৰ)। এই অভিলেখক প্ৰত্যাহ্বান জনাই নিজৰ নামত এই অভিলেখ স্বীকৃতিৰ বাবে মহম্মদ ৰফিয়ে গ্ৰীনিজ বুক অৱ ৱাৰ্ল্ড ৰেকৰ্ড কৰ্তৃপক্ষলৈ দাবী পত্ৰ প্ৰেৰণ কৰিছিল ১৯৭৭ চনৰ ১১ জুন তাৰিখে।

▪️অসম গণিত শিক্ষায়তন নামৰ অনুষ্ঠানটিয়ে প্ৰতি বছৰৰ মে’ মাহত মেথলেটিক্স প্ৰতিযোগিতা আৰু ছেপ্তেম্বৰ মাহত গণিত অলিম্পিয়াদ অনুষ্ঠিত কৰি আহিছে। পোন প্ৰথমবাৰৰ বাবে এই অনুষ্ঠানটিয়ে গণিত অলিম্পিয়াদ অনুষ্ঠিত কৰিছিল ১৯৮৭ চনৰ ১১ জুন তাৰিখে।

▪️১৯৯৬ চনৰ ১১ জুন তাৰিখে দেবেশ চন্দ্ৰ চক্ৰৱৰ্তীদেৱে অসম বিধানসভাৰ অধ্যক্ষৰ কাৰ্যকাল ত্যাগ কৰিছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)