অসমীয়া সংস্কৃতিত জাপিৰ অস্তিত্ব-চিন্ময় ডেকা

জাপি অসমৰ লোককলা সংস্কৃতিৰ এক অপৰিহাৰ্য অংগ। ই একোটা জাতিৰ সাংস্কৃতিক পৰিচায়ক। অসমত জাপি অতি প্ৰাচীন কালৰে পৰা প্ৰচলিত । সাধাৰণতে গ্ৰাম্যাঞ্চলতে ছাতিৰ সলনি ইয়াৰ ব্যৱহাৰ কৰা হৈছিল । বিশেষকৈ খেতিপথাৰত ৰ’দ-বৰষুণৰ পৰা ৰক্ষা পাবলৈ উকা জাপিৰ বহুল প্ৰচলন দেখা গৈছিল যদিও সাম্প্ৰতিক সময়ত ইয়াৰ ব্যৱহাৰ যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। ব্যৱহাৰ অনুযায়ী জাপি সাধাৰণতে উকা জাপি , বৰ জাপি আৰু ফুলাম জাপি । বৰ্তমান সময়ত বৰ জাপি আৰু ফুলাম জাপিৰ ব্যৱহাৰৰ ক্ষেত্ৰত এক এৰাব নোৱাৰা সম্বন্ধই গা কৰি উঠিছে। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ ডা-ডাঙৰীয়া অথবা সম্ভ্ৰান্ত লোকৰ সন্মানাৰ্থে জাপি ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। ফুলাম জাপিসমূহ বিশেষকৈ বিহুনাচ আৰু ঘৰ শুৱনি কৰিবলৈ ব্যৱহাৰ কৰা হয়। ফুলাম জাপিক অসমৰ সংস্কৃতিৰ প্ৰতীক হিচাপেও ব্যৱহাৰ কৰি অহা হৈছে। সেয়েহে কোনো ব্যক্তি বিশেষক সন্মান যাঁচিবলৈ ফুলাম জাপি ব্যৱহাৰ কৰা হয় , য’ত অসমীয়া জাতিৰ স্বাভিমান নিহিত হৈ আছে। সৰু সৰু বাঁহৰ দৈৰে তৈয়াৰ কৰা হয় বাবে এনে জাপিক সম্ভৱতঃ "সৰুদৈয়া" জাপি বুলিও আখ্যা দিয়া হয়। বৰ্তমান সময়ত জাপিসমূহ ঘৰ শুৱনিৰ উপৰি সন্মানৰ প্ৰতীক হিচাপে অসমীয়া লোকে চ’ৰাঘৰৰ বেৰত অথবা আগকোঠাৰ বেৰত আঁৰি থোৱাৰ বাবে পৰম্পৰাত পৰিণত হৈছে ।
              জাপি অসমীয়া সংস্কৃতিৰ বাহক , অসমীয়া জাতি আৰু সংস্কৃতিৰ বিশেষ প্ৰতীক লগতে অসমৰ অন্যতম লোককলা হোৱাৰ উপৰি ই অন্যতম কুটিৰ শিল্প হিচাপেও সৰ্বজনবিদিত। অতীতৰে পৰা অসমত বসবাস কৰা লোকসকলে নিজহাতে জাপি তৈয়াৰ কৰি আহিছে। ঘাইকৈ কেঁচা সামগ্ৰী হিচাপে প্ৰয়োজনীয় বাঁহ আৰু টকৌপাত যথেষ্ট যদিও ফুলাম জাপিৰ বাবে অতিৰিক্ত সাধাৰণ সূতা , ঊণ সূতা , সাধাৰণ কাপোৰ , ভেলভেট কাপোৰ , লেছ্‌ , চুমকি আৰু আঠা অসমত পৰ্যাপ্ত পৰিমাণে পায় হেতুকে নিজ ঘৰতে জাপি তৈয়াৰ কৰি এচাম লোকে বৰ্তমান সময়ত জীৱিকা নিৰ্বাহ কৰি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সমৰ্থ হৈছে । আনহাতে হালোৱা জাপিৰ চাহিদা দিনক দিনে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। কিয়নো কৃষি ক্ষেত্ৰত পুৰণি সেই হাল বোৱা , কোৰ মৰাত ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে বৰ্তমান আধুনিক যন্ত্ৰ-পাতিৰ ব্যৱহাৰে কৃষি কাৰ্যক অধিক ক্ষিপ্রতৰ কৰি তুলিছে , যাৰ ফলশ্রুতিত উকা জাপিৰ ব্যৱহাৰ নগন্য ।
                সাম্প্ৰতিক সময়ত অৱশ্যে জাপিৰ ব্যৱহাৰ কমি আহিছে যদিও বৰ্তমান গৃহ-শোভাৰ উপকৰণ হিচাপে , সন্মানীয় ব্যক্তিক উপহাৰ হিচাপে আৰু তোৰণ আদি সজাৰ কামত ইয়াৰ প্ৰচলনে এক ইতিবাচক সঁহাৰি প্ৰদান কৰিছে । লোককলা একোটা জাতিৰ সংস্কৃতিক পৰিচায়ক । এনে লোককলাসমূহে জাতিটোৰ ৰুচি , ব্যৱহাৰ আৰু শৈল্পিক পৰিচয় দাঙি ধৰে। 

✍️চিন্ময় ডেকা, টংলা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send