নাৰী-লক্ষীন্দ্ৰ গগৈ

কেনেকৈনো ক'ব পাৰি 
স্বাধীন দেশ বুলি,
দিনে নিশাই নাৰীৰ যদি 
বয় চকুপানী ।

সেইদিনাই হ'ম আমি 
স্বাধীনতাৰে প্রভাৱান্বিত
যিদিনা হ'ব আমাৰ 
নাৰী সমাজ সুৰক্ষিত ।

এচাম কুকুৰে দেখোন আন্ধাৰৰ সুযোগ লয়,
নীৰৱতাৰ উমান পালেই তীব্ৰ ভোকাতুৰ হয় ।
ভোকাতুৰ কুকুৰৰ দৰে নাৰীৰ দেহ ভোগ কৰে,
বিশুদ্ধ সমাজখনক পাপী কৰি তোলে ।

ধৰ্মৰ নামত বিভূষিত এচাম ডেকা,
নাৰীৰ দেহ দেখিলেই অধৰ্মৰ কথা ।
বিবাহৰ সময়ত কিন্তু ধৰ্মৰ বেথা,
নাৰীৰ দেহ খাওঁতে সি অধৰ্মৰ ৰজা ।

তেতিয়ানো ক'লৈ যায় দেহৰ মানৱতা ,
পলকতে কৰি দিয়ে নাৰীক ধৰ্ষিতা ।
অকলশৰে দেখা পালেই কাষ চাপি আহে,
খন্তেকতে হৈ পৰে জন্তুৰ দৰে ।
জীৱন বগা কাগজ খনত ক'লা দাগ দিয়ে,
বৃত্তৰ পৰিধি মাজত আবদ্ধ কৰি ৰাখে ।

সমাজত আজি কুকুৰৰ লীলা বৰকৈ চলিছে,
নাৰীয়ে অতীতক চাগে পাহৰিব খুজিছে। 
যিদিনা পৰিব মনত বীৰাংগনাৰ কথা,
কুকুৰৰ ডিঙি হ'ব নাৰী পদৰ ধূলা ।
সেইদিনাই স্বাধীন হ'ব নাৰীৰ সমাজ,
আৰু হ'ব সেইদিনাই পাপীৰো বিনাশ ।।

 
✍️ লক্ষীন্দ্ৰ গগৈ 
 ঢকুৱাখনা , লখিমপুৰ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send