অনিচ্ছা সত্ত্বেও।
হৃদয়ৰ কেনভাছত ৰং বিহীন তুলিকা
আঁকিব বিচাৰিও পৰা নাই আঁকিব
মনালিছাৰ অব্যক্ত হাঁহি।
সাগৰৰ গভীৰতাত থাকিও
তৃষ্ণাতুৰ কলিজা।
জন অৰণ্যতো শূণ্যতাৰ কোলাহল
তুমি জানো জানা ?
কিমান আত্মীয়তাৰ পিছত
ভাঙিব পাৰি হৃদয়?
কিমান উষ্ণতাৰ পিছত
গলিব ধৰে বৰফ?
কিমান উজাগৰি নিশাই
গলাব পাৰে হৃদয়?
✍️জহিৰুল ইছলাম
গোৱালপাৰা