উচুপনি-দিপশিখা ৰাজকোঁৱৰ

পংখী মৰাণ
0
গৰমৰ বতৰ।বাহিৰত মৃদু বতাহ বলি আছে।অমিতাভ গগৈ ছাৰৰ সৈতে দশম শ্ৰেণীৰ ছাত্ৰ-  ছাত্ৰীসকল স্কুলৰ খেলপথাৰত গছৰ নিৰিবিলি ছাঁ‌ ত ঘূৰণীয়াকৈ সকলো বহি পৰিল। সকলোৰে মাজত বহিল অমিতাভ ছাৰ। ছাৰৰ খুহুতীয়া কথাত সকলোৱে প্ৰাণ খুলি হাঁহিলে। অমিতাভ ছাৰৰ যেন দশম শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীসকলৰ প্ৰতি বহুত হেঁপাহ।ছাৰে প্ৰায় কয় -" তহঁতৰ কণমানি কণমানি মুখবোৰে মোক অনাবিল সুখ দিয়ে।" প্ৰতি সপ্তাহৰ এটা দিনত মুকলি মনেৰে অমিতাভ ছাৰে সময় অতিবাহিত কৰে। সেইদিনা কিন্তু ছাৰৰ উদ্দেশ্য আন দিনাতকৈ ব্যতিক্ৰম আছিল। সকলোৱে হাঁহি মনটো সতেজ কৰি লোৱাৰ পাছত ছাৰে ক'বলৈ ধৰিলে-"  ছাত্ৰ-  ছাত্ৰীসকল তোমালোকে মোৰ কথা শুনাচোন।আজি আমাৰ আলোচনাৰ বিষয় আনদিনাতকৈ বেলেগ হ'ব ।তোমালোকে আজি নিজৰ নিজৰ কথা ক'ব লাগিব।" ছাৰৰ কথাত সকলোৱে সন্মতি দিলে।
     সকলোৱে এফালৰ পৰা নিজৰ কথা ক'বলৈ ধৰিলে। কাৰোবাৰ কথাবোৰ শুনিলে হাঁহি উঠা। কিছুমানে ধেমালি কৰোঁ বুলি কৰিছে । শেষত পাল পৰিল ৰাগিনীৰ ।তাই নিস্তব্ধ হৈ পৰিল। অমিতাভ ছাৰে ক'লে- " কি হ'ল ৰাগিনী? এতিয়া তুমি কোৱা তোমাৰ কথা।" ছাৰে কোৱাৰ লগে লগে তাই বৰকৈ উচুপিবলৈ ধৰিলে।পৰিৱেশটো কাঁহ পৰি জীন গ'ল।সকলোৱে চাইছে হঠাৎ উচুপি উঠা ৰাগিনীলৈ। অমিতাভ ছাৰেও ৰ' লাগি চাইছে তাইলৈ। সকলোৱে কৈছে-" কিয় কান্দিছা ৰাগিনী। নাকান্দিবাচোন।" কিন্তু যিমানেই তাইক ক'লে তাই সিমানেই উচুপি উঠিল  সৰু ছোৱালীজনীৰ দৰে। চচমাখন  খুলি তাই বাৰে বাৰে  ৰুমালেৰে চকুপানী মচিছে । ইতিমধ্যে খেলপথাৰত খেলি থকা সপ্তম শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীসকলো আহি বেৰি ধৰিলেহি। তাঁহাতৰো সেই একেই প্ৰশ্ন।" ছাৰ ৰাগিনী বায়ে কিয় কান্দিছে?" অমিতাভ ছাৰে পৰিস্থিতিটো বুজিব পাৰি তাহাঁতক ভিতৰলৈ পঠিয়াই দিলে। অমিতাভ ছাৰে ৰাগিনীক ভিতৰলৈ লৈ গ'ল।তাই তেতিয়াও তলমূৰ কৰি উচুপিয়েই আছিল। অমিতাভ ছাৰে গহীনকৈ ক'লে_" আৰে সদায় হাঁহি থকা ছোৱালী জনীৰ কি হ'ল ।কিয় কান্দিছা। নাপায় নহয়।কি হৈছে মোক কোৱা"! ৰাগিনী সদায় হাঁহি মুখে থাকে।সেইবাবে সকলোৱে তাইৰ হাঁহিটোৰ কথা কয় ।ছাৰে সেইবাবে কেতিয়াবা স্মাইলী বুলি মাতে।এইবাৰ তাই অলপ ওপৰলৈ চালে। অমিতাভ ছাৰৰ লগত ৰাগিনী নিৰৱে বহি পৰিল।তাইৰ মুখৰ পৰা এটাও শব্দ নোলোৱা দেখি ছাৰে ক'লে-" চোৱা ৰাগিনী কান্দিলে জানো অসুবিধাবোৰ দূৰ হ'ব।তুমি মোক সকলো নিঃ সংকোচে ক'ব পাৰা।!" ৰাগিনীৰ বিশ্বাস আছে যে তাই অমিতাভ ছাৰক সকলো কথা ক'ব পাৰে।তাই উচুপি উচুপিয়েই সকলো কৈ গ'ল। কেনেকৈ ৰাগিনী আৰু বৰমাকহঁতৰ লগত চিনাকি হৈছিল। কেনেকৈ দুয়োখন ঘৰ সুখেৰে আছিল।আৰু স্বাৰ্থপৰ মানুহখিনিয়ে তেওঁলোকৰ সুখবোৰ চাব নোৱাৰি কাজিয়াৰ সৃষ্টি কৰিলে।যাৰ বাবে দুয়োখন ঘৰৰ সুখবোৰ পলকতে হেৰাই গল। কেৱল সেই মানুহখিনিৰ বাবে।ৰাগিনীয়ে একো কথা নোলোকোৱাকৈ সকলো কথা ক'লে।যেন তাই এজন বন্ধুৰ আগতহে সকলো কৈ আছে।সচাঁকৈয়ে অমিতাভ ছাৰক সকলো কথাই ক'ব পাৰি।
    ৰাগিনীৰ কথাবোৰ শুনি ছাৰে সকলো বুজিলে। ছাৰৰ চকুলো নিগৰি আহিল। লাহেকৈ ক'লে-" ৰাগিনী মই ভাবিছিলোঁ তোমাৰ জীৱনত একোৱেই দুখ নাই। সদায় তোমাৰ হাঁহি থকা মুখখনি দেখি আন ছাত্ৰ-ছাত্ৰীসকলক কও - ৰাগিনীৰ দৰে ,ৰাগিনী বাৰ দৰে সদায় হাঁহি থাকিবা।মনটো ভাল লাগিব। কেতিয়াওঁ ভবা নাছিলো তোমাৰ হাঁহি থকা মুখখনিৰ আঁৰত যে ইমান বিষাদ লুকাই থাকিব।চাবা ৰাগিনী আজি তোমাৰ মনটো বহুত মুকলি লাগিব।তুমি এইবোৰ ভাবি নাথাকিবা । সকলো ঠিক হৈ যাব।তুমি ভালকৈ পঢ়া।ভাল ফলাফল আনিবা।সময়ত সকলো ঠিক হ'ব।" শেষত তাইৰ মুখৰ পৰা এটি বিষাদৰ হাঁহি বিৰিঙি উঠিল। সেইদিনা তাইৰ একোতে মন নবহিল ।মাক হঁতৰ আগত ধৰা পৰাৰ ভয়ত পিছদিনাৰ পৰা আগৰ দৰেই সহজ হৈ পৰিল। কিন্তু অন্তৰত সেই বিষাদে খুন্দিয়াই থাকে। এনেকৈয়ে সময়বোৰ পাৰ হ'ল।তাই ভালকৈ পৰীক্ষাত উত্তীৰ্ণ হৈ ভাল কলেজত নাম লগালে। হোষ্টেলত থকা দুবছৰেই হ'ল। আজিলৈকে তাই মাক- দেউতাকে বিছৰা ধৰণে সকলো কৰি আহিছে। কিন্তু তাই বিছৰা ধৰণে একো পোৱা নাই। তথাপিও তাই সুখী হোৱা অভিনয়ত প্ৰথম।
     আজি দেওবাৰ।বতৰতো ফৰকাল। ৰুমৰ লগৰ দুজনী অলপ ওলাই গৈছে।তাই খিৰিকীৰ কাষত বহি নানা ধৰণৰ কথাবোৰ ভাবিবলৈ ধৰিলে। তাইৰ স্মৃতিৰ দুৱাৰত টুকৰ দিলেহি সেই দিনটোৱে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আগৰ দিনটো।ৰাগিনীৰ বৰতাকহঁতৰ ল'ৰা এজন আৰু ছোৱালী দুজনী আছিল। মৃণাল ৰাগিনীৰ লগত একেলগে পঢ়িছিল। দুয়োটাই একেলগে পৰীক্ষা দিয়াৰ কথা। পৰীক্ষা দিবলৈ যিহেতু বহুত দূৰলৈ যাব লাগে সেয়ে গাঁৱৰ আটাইকেইটা ল'ৰা ছোৱালী একেখন গাড়ীতে যোৱাটো ঠিক কৰিলে।ঘৰৰ মানুহে বিচৰা ধৰণে উত্তীৰ্ণ হ'বলৈ ৰাগিনী পঢ়াত  লাগিছে। অৱশেষত সেই দিনটো আহিল। পৰীক্ষাৰ আগদিনা।ঘৰত কোনো নাছিল।ৰাগিনী নিজৰ ৰুমত সোমাই আছিল। হঠাৎ তাই বৰতাকৰ মাতটো শুনিবলৈ পালে।সদায় মতাৰ দৰেই মাতিছে-" আইমনী অ আইমনী" বৰদেউতাকে মৰমতে তাইক আইমনী বুলি মাতে। ইমান দিনৰ মূৰত বৰদেউতাকৰ মাতটো শুনিবলৈ পায় তাই আনন্দত আত্মহাৰা হৈ পৰিল। তাই লৰালৰিকৈ বাহিৰলৈ ওলাই গৈ বৰদেউতাকক গেটৰ বাহিৰত ৰৈ থকা দেখিলে। তাই গৈ বৰদেউতাকৰ ওচৰ পালেগৈ।তাইক কলম কেইটামান দি মূৰত হাত থৈ ভালকৈ পৰীক্ষা দিবলৈ ক'লে। তাই বৰদেউতাকৰ ভৰি চুই আশীৰ্বাদ ল'লে।বৰদেউতাক গ'লগৈ। তাই ভিতৰলৈ গৈ বহুত কান্দিলে। সেয়া আছিল সুখৰ চকুপানী।সেই কথা তাই কাকো নকলে। পিছদিনা মাক দেউতাকক সেৱা কৰি পৰীক্ষা দিবলৈ ওলাল। গাড়ী নিৰ্দিষ্ট সময়ত আহিল।ৰাগিনী এফালৰ পৰা আৰু আনফালৰ পৰা মৃণাল গাড়ীত উঠিল। তেনেকৈয়ে পৰীক্ষা শেষ হ'ল।ৰাগিনী আৰু মৃণালে প্ৰথম বিভাগত লেটাৰ সহ পৰীক্ষাত উত্তীৰ্ণ হ'ল। দুয়োটাই ঘৰৰ পৰা গুচি গ'ল পঢ়িবলৈ। সেই অহাৰ দিন ধৰি তাই আৰু বৰতাকহঁতক দেখা নাই।তাই কথাবোৰ ভাবি বহুত দুখ কৰে। ভগৱানে কি পৰীক্ষা লৈছে তাই নুবুজে। মাথোঁ সকলোবোৰ আগৰ দৰে হৈ পৰাটো বিচাৰে। তাই আৰু নোৱাৰে। আজি আকৌ তাই বহুত কান্দিছে।
     লগৰকেইজনী আহি তাইক কান্দি থকা দেখি সকলো বুজিলে।পৰিণিতাই মৰম সনা মাতেৰে ক'লে-" ৰাগিনী তই কিয় ইমান আবেগিক। ইমান কিয় অভিমানী।কিয় তই হঠাৎ উচুপি উঠ। কান্দি কান্দি নিজকে কিয় কষ্ট দি থাক।" 
    তাই কেনেকৈ বুজাব যে তাই তেওঁলোকক কিমান ভাল পায়। তেওঁলোকৰ বাবে তাইৰ হৃদয়ে সদায় কান্দে।তাই বিছনাত কান্দি কান্দি শুই পৰিল। তাই কৈছে-" মই অভিমানী পক্ষী। বহুত অভিমান কৰোঁ। কাৰণ তোমালোকক মই বহুত ভাল পাওঁ। অভিমানী হৈ উৰি যাব খোজে মোৰ মন তোমালোকৰ  কাষলৈ।মৰম পাবলৈ। তোমালোকৰ সান্নিধ্য পাবলৈ।


✍🏻দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)