ক'ব খুজিও ক'ব নোৱাৰিলোঁ মনৰ কথা,
দিব খুজিও দিব নোৱাৰিলোঁ আন্তৰিকতা।
আশে-পাশে সকলো থকাৰ পিছতো ল'ব নোৱাৰিলোঁ
সুখৰ মাদকতা, কেৱল বিচাৰি ফুৰিলোঁ
দুখ-বেদনাবোৰ,
সুখবোৰ সাঁচি ৰাখিলোঁ বুকুৰ একোনত ......
সময় পাখিলগা কাঁড়ৰ দৰে গুচি গ'ল,
যাক ঘূৰাই পাব নোৱাৰিলোঁ।
এদিন অজস্ৰ আছিল কিন্তু যেন কিবা এটি নাছিল।
সময়ৰ সদ্ ব্যৱহাৰ কৰিব নোৱাৰিলোঁ,
দিলোঁ মাথোঁ দুখ সকলোকে
মেৰিয়াই আচলত বান্ধি ললোঁ বেদনাবোৰ।
ৰৈ গ'ল মাথোঁ হেজাৰ স্মৃতি
থাকি গ'ল বহু হেপাঁহ, আনন্দ দিব পৰা ,ল'ব পৰা
সেইবোৰ পুনৰ আহিবনে ঘূৰি...
ৰৈ গ'ল মাথোঁ বহু স্মৃতি মন দাপোনত
শেষ আশ্ৰয় স্হলিত নিৰৱ সাক্ষী হৈ।।
✍️কানন বৰুৱা
আপোনালোকৰ ই-আলোচনীত মোৰ 'শেষ আশ্ৰয়'-ক স্থান দিয়াৰ বাবে ধন্যবাদ জনালোঁ।
ReplyDeleteস্বাগতম জনাইছোঁ ।
ReplyDeleteস্বাগতম জনাইছোঁ ।
ReplyDelete