মই তোমাৰ আজন্ম প্ৰেমিক-বিজিত গগৈ

পংখী মৰাণ
0
মোৰ হৃদয়ত প্ৰেমৰ এখনি কলং বৈছে,
উটি ভাহি আহিছে হৃদয়ৰ গুপোত আবেগবোৰ
'তোমাক দেখা পালেই সপোনবোৰ জাগি উঠে,
বুকুখনি হয় তাজমহল' ।
স্বপ্নীল নিদ্ৰাত তুমিয়ে মোৰ সপোনৰ সংগী।
ৰ' লাগি চাইছো তোমাৰ  মুখখনিলৈ,
আৰু বহু কথা শুনিছোঁ তোমাৰ তেজৰঙা ওঁঠত।
ময়ো উজাৰি দিছোঁ,
মোৰ মেটমৰা হৃদয়ৰ সাঁচি ৰখা কথাৰ দ'মবোৰ।
কিন্তু,
মোৰ আকুল হৃদয়খনৰহে অভিমান জাগিছে,
তোমালৈ ৰ' লাগি চোৱাৰ অজুহাতত।
বহু নিশা উজাগৰেও পাৰ কৰিছোঁ ,
মোৰ সপোন পঁজাটিত তুমি দেখা নিদিয়াৰ বেদনাত।
জোনাকীৰ নিশাবোৰ  তোমাৰ প্ৰিয় বাবেই,
অপেক্ষা কৰিছো শেৱালীৰ তলত,
জোনাকীৰ স্নিগ্ধতাৰ পোহৰত বাউলী হোৱাৰ বাসনাৰে।
আজি মোৰ বেসুৰা কলিজাইও সুৰ তুলি গাইছে,
আকুল হৃদয়ত থূপবান্ধি থকা প্ৰেমৰ গীত।
বাখৰুৱা বুকুত মোৰ ফাগুনৰ আবেলি নামিছে,
তল ভৰি সৰিছে হৃদয়ৰ ৰাঙলী পলাশ।
মই তোমাৰ আজন্ম প্ৰেমিক !
অন্তহীন বাৰিষাৰ বানেও ৰুধিব নোৱাৰে
মোৰ কেচেলুৱা কলিজাৰ ভালপোৱাৰ বান্ধ।
হেঁপাহৰ থুপি শব্দবোৰেৰে আজীৱন লিখিম
তোমাৰ প্ৰতি থকা মোৰ জীপাল কবিতাৰ সুৰ।
নিলীম মেঘৰ বুকুৱেদি বাগৰা,
শুকুলা ডাৱৰৰ মাজে মাজে সদায় বিচাৰিম;
তোমাৰ সেই হৃদয় বিন্ধা হাঁহিতো !
সপোনত তুমি দিয়া মৰমবোৰ সাৱতি
মৌনতাৰ মায়াৰে আৱৰা সুহুৰিত সুৰ দিম
দুটি ওঁঠৰে ভালপোৱা গীতৰ কলিবোৰ... !

  ✍️বিজিত গগৈ
    লক্ষীমপুৰ
       


          

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)