পোহৰ-প্ৰণৱ চক্ৰৱৰ্তী

Unknown
0
মোক এপিয়লা পোহৰ দিয়া
ভগ্ন কুঠৰীৰ আন্ধাৰত
জীৱন মৃত্যুৰ ক্ষণগণি
আশাহত হোৱা কাৰোবাক
দিব আছে অকণমান পোহৰ ৷
এপিয়লা পোহৰ
কত যন্ত্ৰণাৰ মহৌষধ,
এপিয়লা পোহৰ
সাক্ষী কত বেনামী সম্পৰ্কৰ।
মোক এপিয়লা পোহৰ দিয়া
পাৰিলে আন্ধাৰত ৰোৱা
কৰোবাক দিম,
নোৱাৰিলে স্বাৰ্থপৰ হৈ
ঢোকাঢোকে পিবলৈ
চেষ্টা কৰিম আকাৰহীন পোহৰ ৷
মোক কিন্তু এপিয়লা পোহৰ দিবা
তাৰ বাবে তুমি এখন্তেক
স্বাৰ্থপৰ হ’বা
আৰু মই হ’ম 
ক্ষন্তেকলৈ মহান...



✍️প্ৰণৱ চক্ৰৱৰ্তী
     নলবাৰী, ৯৮৬৪১৪৯৬৬৪

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)