লেতেৰা খিনি পৰিষ্কাৰ কৰা কাম কৰে ৰাজুয়ে । প্ৰতিদিনৰ দৰে আজিও সি ওলাই গ'ল কামলৈ । মুখত হাঁহি , ঘৰৰ পৰা ওলাই গৈ সি প্ৰথমতে দেখিলে ৰাস্তাৰ কাষতে থিয় হৈ দুজন মানুহে গল্প কৰি আছে। তাৰ ভিতৰত এজনৰ কথা পাতি পাতি হঠাৎ মুখৰ পৰা তামোলৰ পিকখিনি ৰাস্তাত পৰি গ'ল আৰু কিছুসময় যোৱাৰ পিছত সি দেখিলে মানুহজনে ৰাস্তাৰ কাষতে থকা দেৱালখনত আকৌ লেতেৰা পিক খিনি পেলাই দিলে । এইবোৰ দেখি ৰাজুৰ মনে মনে প্ৰচণ্ড খং উঠিল । এফালে সি লেতেৰা খিনি পৰিষ্কাৰ কৰি আছে আৰু আনফালে কিছুমান শিক্ষিত মানুহে অবিবেচকৰ দৰে পৰিষ্কাৰ হৈ থকা ৰাস্তা-ঘাট আদি লেতেৰা কৰি আছে। হঠাৎ ৰাজুৰ কাষতে থকা দেৱালখনত আকৌ এবাৰ চকু পৰিল সি দেখিলে তাত ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছে আজিৰ সুন্দৰ পৰিৱেশ বা পৰিষ্কাৰ কৰা মানুহ ভৱিষ্যৎ প্রজন্মৰ বাবে উপহাৰ
এই দেখি ৰাজুয়ে বৰ সুখ অনুভৱ কৰিলে যে তাৰ এই সৎ কৰ্মই তাক ভৱিষ্যৎ প্রজন্মৰ বাবে উপহাৰ স্বৰূপ কৰি তুলিলে।।
✍️ৰাজুল আহমেদ
জন্য হোজাই মৌডঙা পথাৰ
ছাত্ৰ দশম শ্রেণী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ