এটা প্ৰেমৰ কবিতা-বিকাশ শৰ্মা

©Admin
0
ৰাতিবোৰ তোমাৰ জোনাকেৰে চিকুনাই ৰাখিবা,
আকাশত ভাগৰুৱা বেলিটোক দেখি তৰাবোৰে জোকাই আছে।
শীতৰ কুঁৱলীয়ে সপোনবোৰক খেদি ফুৰিছেে;
তথাপিও এন্ধাৰত আহিছো মই তোমাৰ কাষলৈ
হেঁপাহ পলুৱাই প্ৰেমৰ বৰষুণজাকত তিতাৰ ইচ্ছাবোৰ
এতিয়াও শেষ হোৱা নাই।
মোৰ ওঁঠত ওলমাই দিবা
তোমাৰ হেজাৰ পুৰণি চুমাৰ ধ্বনি,
চকুত থাপি থ'বা তোমাৰ গাভৰু তৰাৰ ধেমালি,
পিছলৈ উভতি নাচাবা
কিয়নো নিশাবোৰ অশ্লীল হ'ব পাৰে।
এই যাত্ৰা জন্মৰ আগৰ পৰা মৃত্যুৰ পিছলৈ, সমাধিলৈও খেদি আহিব আমাক প্ৰেমৰ উপহাৰ বিচাৰি।

         ✍️বিকাশ শৰ্মা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)