৭ জুন- আজিৰ দিনটোৰ বিশেষত্ব

৭ জুন (ইংৰাজী: 7 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৮তম (অধিবৰ্ষত ১৫৯তম) দিন। বছৰ শেষ হ'বলৈ ২০৭ দিন বাকী থাকে।

১/১৪৯০ চনত ধৰ্ম প্ৰচাৰক মথুৰা দাস বুঢ়া আতাৰ জন্ম। তেখেতৰ আদি নাম আছিল গোপাল তাঁতী।

২/১৯৫৪ - এলান মেথিছন ট্যুৰিং, এগৰাকী ইংৰাজ গণিতজ্ঞ, তৰ্কবিজ্ঞানী, সংকেতবিশ্লেষক আৰু কম্পিউটাৰ বিজ্ঞানী।

৩/১৯৬৩ আজিৰ দিনটোতেই সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে শৰাইঘাট দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰিছিল। এইখন হ'ল অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰেলপথযুক্ত দলং।

৪/১৯৬৪ - পাৰ্বতী প্ৰসাদ বৰুৱা, অসমৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক, কবি, গীতকাৰ তথা নাট্যকাৰ।

৫/১৯৭২ চনৰ আজিৰ দিনটোত অসম বিধানসভাৰ অধিৱেশনত শ্বিলংৰপৰা অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয়।

৬/১৯৭৪ চনত এজন দুঃসাহসী ব্ৰিটিছ অভিযাত্ৰী, লিখক আৰু দূৰদৰ্শনৰ উপস্থাপক এডৱাৰ্ড মাইকেল বিয়েৰ গ্ৰিলচৰ জন্ম।

৭/১৯৭৫ চনত ইংলেণ্ডত বিশ্বকাপ ক্ৰিকেটৰ সূচনা।

৮/১৯৭৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ বনাঞ্চল, জলভাগ আৰু হিম অঞ্চল অধ্যয়ন কৰাৰ বাবে ৰাছিয়াৰ চিয়েৰ্ছ লেকৰ পৰা ভাৰতৰ নিজা প্ৰযুক্তিৰ দ্বিতীয় উপগ্ৰহ ভাস্কৰ -১ প্ৰেক্ষপণ কৰে। ইয়াৰ ওজন আছিল ৪৪৪ কিঃগ্ৰাঃ।

৯/১৯৮২ চনত অসমৰ এজন লেখক, সংস্কৃত পণ্ডিত আৰু শিক্ষাবিদ কৃষ্ণকান্ত সন্দিকৈৰ মৃত্যু।

১০/১৯৮৬ চনত এগৰাকী আগশাৰীৰ অসমীয়া কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকাৰ মৃত্যু।

১১/২০০০ চনত সাংবাদিক ৰবীন বৰুৱাৰ মৃত্যু।

১২/বিশ্ব খাদ্য সুৰক্ষা দিৱস।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send