নীলা খামৰ চিঠি-পম্পী সৰকাৰ

Unknown
0


নীলা খামৰ চিঠিৰ উত্তৰত এমুঠি মৰম 
  মৰমৰ
         প্ৰিয় বান্ধৱী 
              নিজৰা(নিজু)
উত্তৰৰ শুভাৰম্ভত তোমালৈ হিয়া উজাৰি মৰম যাচিলোঁ। বহু দিনৰ মূৰত তোমাৰ মৰম পাই  সঁচাকৈ অতি আনন্দিত হ'লো।মই ঈশ্বৰৰ কৃপাত বৰ্তমান ভালে , লগত তোমাৰ কুশল বাৰ্তা শুনি আৰু বেছি ভাল লাগিল । হয় ,তোমালৈও বাৰুকৈ মনত পৰি আছিল আৰু শিক্ষা -দীক্ষা ৰ অনুষ্ঠান প্ৰতিষ্ঠান বন্ধৰ বাবে আজৰি সময়ো পাৰ নোহোৱা হৈছে । ভাবিছিলো তোমালৈ চিঠি এখন লিখি বহু দিনৰ আলাপ আলোচনা কৰিম ।ভালে হ'ল  তুমিয়ে আগবঢ়ালা । হয়, দেশৰ পৰিস্থিতি বৰ্তমান নিম্নগামী।চাৰিওফালে হাহাকাৰৰ প্ৰতিধনি।প্ৰভুৱে ভালে ভালে আকৌ যেন দেশৰ শান্তি ঘূৰাই আনে তাৰে কামনা।
       হয় ,পাৰ কৰা লৰালিবোৰ বৰ্তমান বাৰুকৈ এক সুমধুৰ স্মৃতি হৈ পৰিছে দেই। আৰু সময়ৰ গতিত জীৱন বিকাশৰ বাবে আমি দুজনী বিচ্ছেদ হবলগীয়া হৈছে কিন্তু এইটো মনৰ বিচ্ছেদ নহয় দেই , আশা কৰোঁ নিজৰ নিজৰ লক্ষ্যত উপনীত হোৱাৰ পিছত আকৌ লগ পাম।
    অৱশেষত চিঠিৰ প্ৰতিটো শব্দ মোৰ বাবে বহু মূল্যৱান মৰম ।আশা কৰো তোমাৰ ভাল লাগিব উত্তৰ পাই ।এইখিনিতে সামৰিছো।
              
                      ইতি 
              তোমাৰ প্ৰিয় বান্ধৱী 
                        তৰা ।
 
                   ✍️পম্পী সৰকাৰ 
                       বৰপেটা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)