প্রোথিত হৈ থাকক
দুখোজ ভৱিষ্যত
সুৰুজৰ পোহৰৰ বাবে ।
নিজৰ বাবে জীয়াই থাকি
নিজতেই বিলীন কৰি
সৰি পৰে
দুপাহ জিকাফুল ।
কাঁচিজোনটোও
জীয়াই থাকে
পূৰ্ণিমাৰ আশাত
লগত কিমান যে তৰাফুল ।
সময়ে শিকাই
জীয়াই থকাৰ
আনন্দ অপৰিসীম |
দুগুণ মৰণ ভূগি
মিলি যাব নেকি
ধূলিৰ লগত ।
জীয়াই থাকক
জীয়াই ৰাখক ।
নমৰালৈকে
পৰিপূৰ্ণভাৱে জীয়াই থাকক।
✍️হেমেন হাজৰিকা