পৰাধীন অৰণ্যত
প্ৰতিটো দিন , প্ৰতিটো ৰাতি
বিপ্লৱ কৰোঁ..
নিষিদ্ধ মোৰ পোছাক।
তোমাৰ ওপৰত কৰা
অত্যাচাৰ , শোষণৰ শিকলি ছিঙি
তোমাক মুক্ত আকাশৰ
তললৈ আনিবলৈ
পেটৰ ভোক , পিয়াহৰ পানী পাহৰি ,
ৰ'দ-বতাহ , হাজাৰ সংঘাতকো নেওচি
কেৱল তেজৰ নদীত সাতুৰিছোঁ ,
নোপোৱাৰ বেদনা পিঠিত বান্ধি
পাহাৰ বগাইছোঁ।
এই বিপ্লৱৰ সাক্ষী মাথোঁ
ৰাঙলী সূৰ্য।
তথাপি ,
বুকুত মোৰ অযুত বাসনা
এদিন ঘূৰাই আনিমেই
মোৰ প্রেয়সী স্বাধীনতাক...