২০ জুন- আজিৰ দিনটোৰ বিশেষত্ব

২০ জুন (ইংৰাজী: 20 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭১তম (অধিবৰ্ষত ১৭২তম) দিন। বছৰ শেষ হ'বলৈ ১৯৪ দিন বাকী থাকে।

▪️১৮৩৭ - ৰানী ভিক্ট'ৰিয়াই সিংহাসনত আৰোহণ কৰে।

 ▪️১৯১২ - পোলেণ্ডৰ বিজ্ঞানী ডক্টৰ কাচিমিৰ ফাঙ্কে প্রথমবাৰৰ বাবে ভিটামিন আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়।

▪️আজি বিষ্ণু ৰাভা দিৱস।

▪️আজি বিশ্ব শৰণাৰ্থী দিৱস।

▪️আজিৰ দিনটো ১৯৬৯ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিন , তেওঁ একাধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল।

▪️১৯৮৭ - প্রাণী আৰু পখী বিশেষজ্ঞ ছেলিম আলিৰ মৃত্যুৰ দিন আজিৰ দিনটোতে।

▪️১৯৩৩ - নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম আজিৰ দিনটোতে , অসমৰ এগৰাকী কবি, গীতিকাৰ আৰু লোক-সংস্কৃতিৰ গৱেষক।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send